ভাৰতত বন্ধ ৰয়টাৰ্ছকে ধৰি ৩টা বিদেশী সংবাদ মাধ্যমৰ X একাউণ্ট!

ভাৰতত ৰয়টাৰ্ছকে ধৰি একাধিক আন্তৰ্জাতিক সংবাদমাধ্যমৰ X একাউণ্ট বন্ধ কৰা হৈছে। দেওবাৰৰ পৰা এই একাউণ্টসমূহ খুলিব নোৱাৰি। ভাৰতীয় ব্যৱহাৰকাৰীসকলে একাউণ্টসমূহ খোলাৰ চেষ্টা কৰিলে এটা বাৰ্তা দেখা গৈছে, য’ত লিখা আছে, “কিছুমান আইনী দাবীৰ পৰিপ্ৰেক্ষিতত ভাৰতত এই একাউণ্ট বন্ধ কৰা হৈছে।” কিন্তু কি এই আইনী দাবী, তাৰ কোনো ব্যাখ্যা দিয়া হোৱা নাই। কেন্দ্ৰীয় চৰকাৰে এই বিষয়ে বিবৃতি দি কৈছে যে, এই সংবাদমাধ্যমৰ একাউণ্টসমূহৰ বিৰুদ্ধে কিয় এই পদক্ষেপ লোৱা হৈছে সেই তথ্য ভাৰত চৰকাৰৰ হাত নাই। X কৰ্তৃপক্ষৰ সৈতে এই সমস্যা সমাধানৰ বাবে আলোচনা চলি আছে।

ব্ৰিটিছ সংবাদ সংস্থা ৰয়টাৰ্ছৰ উপৰিও চীনৰ কমিউনিষ্ট পাৰ্টিৰ মুখপত্ৰ গ্ল’বেল টাইমছ আৰু তুৰ্কীৰ সংবাদমাধ্যম টিআৰটি ৱৰ্ল্ডৰ X একাউণ্টো ভাৰতত বন্ধ হৈ আছে। কেন্দ্ৰীয় চৰকাৰৰ মুখপাত্ৰই দেওবাৰে বিবৃতি দি কৈছে, “ৰয়টাৰ্ছক বন্ধ কৰাৰ কোনো বাধ্যবাধকতা ভাৰত চৰকাৰৰ নাই। আমি সমস্যা সমাধানৰ চেষ্টা কৰি আছো আৰু X কৰ্তৃপক্ষৰ সৈতে কথা পাতি আছো।” সূত্ৰৰ খবৰ, এই সংবাদমাধ্যমসমূহৰ বিৰুদ্ধে বহু আগতে পদক্ষেপ ল’বলৈ কোৱা হৈছিল। পলমকৈহে সেই পদক্ষেপ লোৱা হৈছে। অতি সোনকালে এই একাউণ্টসমূহ পুনৰ খুলি দিয়া হ’ব পাৰে।

উল্লেখযোগ্য যে ৰয়টাৰ্ছ, গ্ল’বেল টাইমছ বা টিআৰটি ৱৰ্ল্ডৰ মূল ৱেবছাইটসমূহ বন্ধ হোৱা নাই। এই ৱেবছাইটসমূহ খুলি তেওঁলোকৰ দ্বাৰা প্ৰকাশিত খবৰসমূহ পঢ়িব পৰা যায়। বন্ধ হৈছে কেৱল X একাউণ্ট। ভাৰতৰ বহু লোকে এই একাউণ্টসমূহ অনুসৰণ কৰে।

কিছুদিন আগতে পাকিস্তানৰ সৈতে সংঘাতৰ সময়ত ভাৰতৰ পৰা একাধিক পাকিস্তানী একাউণ্ট বন্ধ কৰা হৈছিল। এতিয়াও সেই একাউণ্টসমূহ বন্ধ হৈ আছে। একেদৰে পাকিস্তানেও ভাৰতৰ বহু একাউণ্ট বন্ধ কৰি ৰাখিছে। কিন্তু ব্ৰিটেইনৰ সৈতে ভাৰতৰ কোনো সংঘাত নাই। ফলত ৰয়টাৰ্ছৰ একাউণ্ট বন্ধৰ পিছত বিশেষ কাৰণ দেখা নাই বিশেষজ্ঞসকলে। তথাপি, পাকিস্তানৰ সৈতে সংঘাতৰ সময়ত তুৰ্কীয়ে তেওঁলোকক সমৰ্থন কৰিছিল। ভাৰতৰ বিমানবন্দৰসমূহত তুৰ্কীৰ সংস্থা চেলেবিৰ অনুমতি বাতিল কৰা হৈছিল। ‘অপাৰেশ্যন সিন্দূৰ’ৰ সময়ত চীনে পাকিস্তানক সহায় কৰিছিল বুলি নতুন দিল্লীয়ে জনাইছে। এই দুখন দেশৰ সংবাদমাধ্যমৰ একাউণ্টো বন্ধ হৈ আছে। যদিও কেন্দ্ৰই জনাইছে যে, তেওঁলোকে এই পদক্ষেপ লোৱা নাই।

Popular

More like this
Related

ভাৰতীয় পাছপ’ৰ্ট কেৱল ভ্ৰমণ দলিল, নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়: বিদেশ মন্ত্ৰালয়ৰ স্পষ্টীকৰণ

বিদেশ মন্ত্ৰালয়ৰ এটা বিবৃতিয়ে আইন আৰু ৰাজনৈতিক বিতৰ্কক নতুনকৈ...

২৭ জুনৰ নিশাৰ পৰা বন্ধ থাকিব আঠগাঁৱৰ উৰণসেতু; মেৰামতিৰ বাবে যান-বাহনৰ চলাচল বন্ধ

গুৱাহাটীৰ আঠগাঁও উৰণসেতু মেৰামতিৰ বাবে ২৭ জুনৰ নিশাৰ পৰা...

APL নিলামত ৩০০ খেলুৱৈ, ১৫ Icon ষ্টাৰ! যুৱ খেলুৱৈৰ বাবে সোণালী সুযোগ

✍️ মানস গোস্বামী অসমৰ ক্ৰিকেট ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা...