আস্থাভোটত প্ৰত্যাশিত জয় নীতিশ কুমাৰৰ

পুনৰ এবাৰ বিজেপিৰে জোঁট বান্ধি চৰকাৰ গঠন কৰা নীতিশ কুমাৰে বিধানসভাৰ মজিয়াত বিজয় সাব্যস্ত কৰিলে। RJD–কংগ্ৰেছ সন্মিলিত বিৰোধীয় সদন ত্যাগ কৰাত আস্থা ভোটত এটাও ভোট চৰকাৰৰ বিৰুদ্ধে নপৰিল।

JDU-BJPৰ সন্মিলিত চৰকাৰৰ পক্ষত পৰিল ১২৯টা ভোট
২৪৩ আসনযুক্ত বিহাৰ বিধানসভাত চৰকাৰ বৰ্তি থাকিবলৈ লাগে ১২২ টা ভোট
RJDৰ ৩ বিধায়কেও ভোট দিলে JDU-BJPৰ সন্মিলিত চৰকাৰৰ পক্ষত

আস্থা ভোটৰ পূৰ্বে হোৱা বিতৰ্কত অংশ লৈ তেজস্বী যাদৱে নীতিশ কুমাৰক ক্ষুৰধাৰ সমালোচনা কৰে। কিয় মুখ্যমন্ত্ৰীয়ে জোট সলনি কৰিছে তাক জনাৰ অধিকাৰ আছে বিহাৰৰ জনতাৰ। স্বচ্ছাচাৰী শাসক বুলি মোদীক ক্ষমতাচ্যুৎ কৰিব খোজা নীতিশ কুমাৰৰ প্ৰকৃততে হ’ল কি। নিজে নিবিচাৰিলেও দশৰথে ৰামক বনবাস দিব লগা হ’ল কৈকেৰীৰ বাবে। নীতিশ কুমাৰৰো এনে হৈছে।

আলোচনাত ভাগ লৈ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় লালু–ৰাবৰী দেবীয়ে অন্ধকাৰ যুগৰ সৃষ্টি কৰিছিল। তেওঁলোকে কেৱল ধনহে ঘটিছিল। আস্থা ভোটৰ বাবে আহ্বান কৰা অধিবেশনৰ প্ৰাৰম্ভতে অনাস্থাৰে আতৰ কৰা হ’ল অধ্যক্ষ অৱাধ বিহাৰী চৌধুৰীক। নিজৰ বিৰুদ্ধে অনাস্থা উত্থাপৰ বাবে সদনক আহ্বান জনালে অধ্যক্ষ চৌধুৰীয়ে।

অধ্যক্ষ চৌধুৰীয়ে আসন এৰি যোৱাৰ পিছত উপাধ্যক্ষ মহেশ্বৰ হাজাৰীয়ে আস্থাভোট গ্ৰহণ কৰে। বিৰোধীয়ে ৱাক আউট কৰে। আস্থাভোটত জয়েৰে বৰ্তি ৰয় নীতিশ কুমাৰৰ চৰকাৰ। ইফালে আস্থাভোটৰ সমান্তৰাল ভাবো পাটনাত চলি থাকিল প্ৰতিবাদ, বিজয় উৎসব। RJD সমৰ্থকে JDU-BJPৰ সন্মিলিত চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ। RJD সমৰ্থকৰ প্ৰতিবাদৰ বিপৰীতে JDU-BJPৰ কৰ্মীয়ে পালন কৰিলে বিজয় উৎসৱ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...