নিযুক্তিৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ ৰাজ্য চৰকাৰৰ

0 186

বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাত দাখিল কৰে ২০২৪–২৫ বিত্তীয় বৰ্ষৰ বাজেট। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন আৰ্থিক উন্নয়নৰ স্বাৰ্থত এই বাজেট দাখিল কৰে। বাজেটত মহিলা আৰু পিছ পৰা শ্ৰেণীৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন আঁচনি যুগুত কৰাৰ লগতে সামগ্ৰিকভাৱে ৰাজ্যৰ অৰ্থনীতিক অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি বাজেট ভাষণত উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে। যোৱা ৯ বছৰত ৮০.৩৬ লাখ লোকক দৰিদ্ৰতাৰ পৰা মুক্তি দিবলৈ সক্ষম হোৱা বুলিও ভাষণত উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে। প্ৰক্ষেপিত প্ৰাককলন অনুসৰি ২০২৪–২৫ বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন ৬.৪৩ লাখ কোটি টকা হ’ব বুলি আশা কৰা হৈছে।


বিধানসভাত দাখিল হ’ল ২০২৪-২৫ বৰ্ষৰ বাজেট
আগন্তুক বিত্তীয় বৰ্ষত ঘৰুৱা উৎপাদন ৬.৪৩ লাখ কোটিলৈ বৃদ্ধিৰ সম্ভাৱনা
ৰাজ্যত আৰ্থিক বিকাশত ১৯.৯ শতাংশলৈ বৃদ্ধিৰ সম্ভাৱনা
শিক্ষা, মহিলা উদ্যমিতা অভিযানত বিশেষ গুৰুত্ব বাজেটত
মহিলাসকলক উদ্যোগীৰূপে গঢ়ি তুলিবলৈ এই উদ্যমিতা অভিযান
চৰ্ত সাপেক্ষে আত্মসহায়ক গোটৰ সদস্যলৈ ১০ হাজাৰকৈ টকা
ৰাজ্যৰ ৩৯ লাখ ৬৭ হাজাৰ ৭৪৩ গৰাকী মহিলালৈ উদ্যমিতা পূঁজি
প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ২৫ হাজাৰকৈ টকা ঋণৰ সুবিধা

বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেট অনুসৰি ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন ২০২২-২৩ বৰ্ষৰ ৩.০১ লাখ কোটি টকাৰ বিপৰীতে ৫.৯ শতাংশ বিকাশৰ হাৰেৰে ২০২৩–২৪ বৰ্ষত ৩.১৯ লাখ কোটি টকা হোৱাৰ সম্ভাৱনা। জনমুৰি আয়ৰ ক্ষেত্ৰত বিগত সমছোৱাত দ্ৰুত বিকাশ অব্যাহত থকা বুলিও উল্লেখ কৰা হৈছে। শিক্ষাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে এই বাজেটত। ৰাজ্যৰ ১০ লাখ ছাত্ৰীক নামভৰ্তিৰ ক্ষেত্ৰত বিত্তীয় অনুদানৰ ব্যৱস্থা কৰা হৈছে আৰু উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈকে এই বিত্তীয় অনুদান অব্যাহত থাকিব। যিকোনো চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা। একাদ্বশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীয়ে ১০ হাজাৰকৈ আৰ্থিক সাহায্য লাভ কৰিব। আনহাতে অৰুণোদয় আঁচনিৰ অধীনত অধিক লোকক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে এই বাজেটত। চলিত বৰ্ষতে ২.৫ লাখ অতিৰিক্ত হিতাধিকাৰীক সামৰি লোৱা হ’ব অৰুণোদয় আঁচনিৰ অধীনত। ইয়াৰ ফলত লাভান্বিত হ’ব ৰাজ্যৰ ৩০ লাখৰো অধিক পৰিয়াল। অৰুণোদয় আঁচনিৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে ৩ হাজাৰ ৮০০ কোটি টকা। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। চলিত মাহতে এই আত্মনিৰ্ভৰ অভিযানৰ বাবে বাচনি প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু ইয়াৰ বাবে এক লক্ষাধিক যুৱক–যুৱতীয়ে আবেদন কৰিছে। ক্ষুদ্ৰ উদ্যোগীসকলে ইয়াৰ অধীনত ২ৰ পৰা ৫ লাখ টকালৈকে পূঁজি লাভ কৰিব।

নিযুক্তিৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ ৰাজ্য চৰকাৰৰ
২০২৪ৰ জানুৱাৰীলৈকে নিযুক্তি প্ৰদান কৰা হৈছে ৯৪,৫০৬
মা কামাখ্য দিব্যলোক পৰিযোজনাৰ বাবে ধাৰ্য ৪৯৮ কোটি টকা
GMCHৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ধাৰ্য ৩,২৫০ কোটি টকা
ৰাজ্যিক চিৰিয়াখানাৰ আধুনিকীকৰণৰ বাবে ৩১১ কোটি টকা
দীপৰ বিলৰ উন্নয়নৰ বাবে ধাৰ্য কৰা হৈছে ১০০ কোটি টকা
৩১১ কোটি টকাৰে আধুনিকীকৰণ কৰা হ’ব নেহৰু ষ্টেডিয়াম
কাজিৰঙাত প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ৰ বাবে ৮৮৬ কোটি টকা
গহপুৰৰ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ বাবে ধাৰ্য ৫৫৪ কোটি টকা

ইয়াৰ উপৰি উত্তৰ গুৱাহাটীত উচ্চ ন্যায়ালয়ৰ আধুনিক চৌহদ নিৰ্মাণৰ বাবে বাজেটত ধাৰ্য কৰা হয় ৪১০ কোটি টকা। মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত অতিৰিক্তভাৱে ২০২৩–২৪ বৰ্ষত ১,৫৫০ কোটি টকাৰ অনুমোদন দিয়া হৈছে। মুখ্যমন্ত্ৰী আবাস যোজনাৰ অধীনত প্ৰথম পৰ্যায়ত নিৰ্মাণ কৰা হৈছে ১ লাখ ৩০ হাজাৰ অতিৰিক্ত বাসগৃহ। ২০২৪–২৫ বৰ্ষত ১৫০ কোটি টকাৰে আৰক্ষীৰ বাবে গৃহ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আনহাতে ১০০০ কিলোমিটাৰ মথাউৰিক পথলৈ উন্নীত কৰাৰ বাবে ৫২০ কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে। ইয়াৰ লগতে পুনৰ নবীকৃত শক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰি নামৰূপত ২৫ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰশক্তিৰ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মহানগৰীত চলাচলৰ বাবে পুনৰ ১০০খন CNG বাছ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দিল্লীলৈ যাবলগীয়া ৰাজ্যৰ বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে দিল্লীৰ দ্বাৰকা অঞ্চলত নিৰ্মাণ কৰা হ’ব তৃতীয়টো অসম ভৱন।

Leave A Reply

Your email address will not be published.