আস্থাভোটত প্ৰত্যাশিত জয় নীতিশ কুমাৰৰ

পুনৰ এবাৰ বিজেপিৰে জোঁট বান্ধি চৰকাৰ গঠন কৰা নীতিশ কুমাৰে বিধানসভাৰ মজিয়াত বিজয় সাব্যস্ত কৰিলে। RJD–কংগ্ৰেছ সন্মিলিত বিৰোধীয় সদন ত্যাগ কৰাত আস্থা ভোটত এটাও ভোট চৰকাৰৰ বিৰুদ্ধে নপৰিল।

JDU-BJPৰ সন্মিলিত চৰকাৰৰ পক্ষত পৰিল ১২৯টা ভোট
২৪৩ আসনযুক্ত বিহাৰ বিধানসভাত চৰকাৰ বৰ্তি থাকিবলৈ লাগে ১২২ টা ভোট
RJDৰ ৩ বিধায়কেও ভোট দিলে JDU-BJPৰ সন্মিলিত চৰকাৰৰ পক্ষত

আস্থা ভোটৰ পূৰ্বে হোৱা বিতৰ্কত অংশ লৈ তেজস্বী যাদৱে নীতিশ কুমাৰক ক্ষুৰধাৰ সমালোচনা কৰে। কিয় মুখ্যমন্ত্ৰীয়ে জোট সলনি কৰিছে তাক জনাৰ অধিকাৰ আছে বিহাৰৰ জনতাৰ। স্বচ্ছাচাৰী শাসক বুলি মোদীক ক্ষমতাচ্যুৎ কৰিব খোজা নীতিশ কুমাৰৰ প্ৰকৃততে হ’ল কি। নিজে নিবিচাৰিলেও দশৰথে ৰামক বনবাস দিব লগা হ’ল কৈকেৰীৰ বাবে। নীতিশ কুমাৰৰো এনে হৈছে।

আলোচনাত ভাগ লৈ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় লালু–ৰাবৰী দেবীয়ে অন্ধকাৰ যুগৰ সৃষ্টি কৰিছিল। তেওঁলোকে কেৱল ধনহে ঘটিছিল। আস্থা ভোটৰ বাবে আহ্বান কৰা অধিবেশনৰ প্ৰাৰম্ভতে অনাস্থাৰে আতৰ কৰা হ’ল অধ্যক্ষ অৱাধ বিহাৰী চৌধুৰীক। নিজৰ বিৰুদ্ধে অনাস্থা উত্থাপৰ বাবে সদনক আহ্বান জনালে অধ্যক্ষ চৌধুৰীয়ে।

অধ্যক্ষ চৌধুৰীয়ে আসন এৰি যোৱাৰ পিছত উপাধ্যক্ষ মহেশ্বৰ হাজাৰীয়ে আস্থাভোট গ্ৰহণ কৰে। বিৰোধীয়ে ৱাক আউট কৰে। আস্থাভোটত জয়েৰে বৰ্তি ৰয় নীতিশ কুমাৰৰ চৰকাৰ। ইফালে আস্থাভোটৰ সমান্তৰাল ভাবো পাটনাত চলি থাকিল প্ৰতিবাদ, বিজয় উৎসব। RJD সমৰ্থকে JDU-BJPৰ সন্মিলিত চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ। RJD সমৰ্থকৰ প্ৰতিবাদৰ বিপৰীতে JDU-BJPৰ কৰ্মীয়ে পালন কৰিলে বিজয় উৎসৱ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...