কাজি নেমুক অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি। ইয়াৰ উপকাৰিতাসমূহৰ বিষয়ে জানেনে?

অসমৰ কাজিনেমুৰ বিষয়ে সকলোৱে জানে। গাঁৱে-ভূঞে পোৱা অতি ৰসাল এই কাজিনেমুৱে লৈ আহিছে এক ভাল খবৰ। জি আই টেগ লাভ কৰিলে কাজি নেমুৱে। আনফালে অসম চৰকাৰে অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি দিলে কাজিনেমুক। সদনত এই ঘোষণা কৰে কৃষিমন্ত্ৰী অতুল বৰাই। এই কাজিনেমুৰ আছে বহুতো উপকাৰিতা তথা ঔষধি গুণ। প্ৰাকৃতিক গুণেৰে সমৃদ্ধ এবিধ সহজলভ্য ফল হৈছে কাজিনেমু । ৰোগ প্ৰতিৰোধ আৰু সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত নেমুৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। নেমুত থকা ‘চি‘ ভিটামিনে শৰীৰৰ শ্ৰীবৃদ্ধিত যথেষ্ট অৰিহণা যোগায়।

কাজিনেমুৰ উপকাৰিতা

১. নেমুত প্ৰচুৰ পৰিমানে ভিটামিন চি থাকে। ই আমাৰ শৰীৰক বীজাণুৰ সংক্ৰমনৰ পৰা ৰক্ষা কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বতৰৰ পৰিৱৰ্তন হোৱাৰ সময়ত হোৱা চৰ্দি, জ্বৰ, কাহ আদি প্ৰতিৰোধ কৰে। লগতে ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে। ই ছাল সম্পৰ্কীয় সমস্যা হ্ৰাস কৰে। যাৰ ফলত ছালখন উজ্জল হৈ পৰে।

২. প্ৰতিদিনৰ আহাৰত এডোখৰকৈ নেমু খালে শাৰীৰিক দুৰ্বলতা নাশ হয়।

৩. ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল হোৱা , জণ্ডিচ আদি ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত নেমুৰ যথেষ্ট ঔষধি গুণ আছে।

৪. নেমুত থকা ভিটামিন চি-এ ৰক্তহীনতাত ভোগা ব্যক্তিৰ দেহত হিম’গ্লবিন বৃদ্ধিত সহায় কৰে। আমিষভোজী লোকসকলে নিয়মীয়াকৈ নেমু খালে যকৃত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে।

৫. দাঁতৰ ৰোগ প্ৰতিৰোধ, বদহজমী, বমি, কোষ্ঠকাঠিন্য আদি ৰোগ নিৰাময়ত নেমুৰ ভূমিকা অতুলনীয়।

৬. প্ৰতিদিনে পুৱা খালী পেটত এগিলাছ পানীৰ লগত এটা নেমুৰ ৰস মিশ্ৰণ কৰি খালে মেদবহুলতাৰ সমস্যা নাইকীয়া হয় ।

বি:দ্ৰ: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ ভিত্তিতহে প্ৰস্তুত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...