বিশ্বনাথত দেওবাৰে সন্ধিয়া বৃদ্ধাৰ শিহৰণকাৰী মৃত্যু

0 1,426

বিশ্বনাথত দেওবাৰে সন্ধিয়া নিজা বাসগৃহৰ শোৱাপাটীতে জীৱন্তে অগ্নিদগ্ধ হৈ শিহৰণকাৰী মৃত্যুক সাৱটিলে এগৰাকী বৃদ্ধাই। শতায়ু গৰকা বৃদ্ধাগৰাকীৰ নাম লক্ষ্মীমনি দেৱী। ঘৰত পুত্ৰ, বোৱাৰী, নাতি-নাতিনী সকলো উপস্থিত থকা সময়তে ৰহস্যজনকভাবে অগ্নিদগ্ধ হৈ মৃত্যু হয় বৃদ্ধাগৰাকীৰ। ঘটনাৰ দুঘন্টামান পূৰ্বে বৃদ্ধাগৰাকীৰ কান্দোনৰ শব্দ শুনিছিল প্ৰতিবেশী এগৰাকী মহিলাই। বোৱৰীয়েকৰ সৈতে প্ৰায়েই কাজিয়া হৈছিল বৃদ্ধাগৰাকীৰ। ৰহস্যজনক ঘটনাটোক লৈ তদন্ত আৰম্ভ কৰিছে বিশ্বনাথ আৰক্ষীয়ে।

বিশ্বনাথত দেওবাৰে সন্ধিয়া বৃদ্ধাৰ শিহৰণকাৰী মৃত্যু
শোৱাপাটীতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু বৃদ্ধাগৰাকীৰ
ঘৰত সকলো থাকোঁতেই মৃত্যু হ’ল লক্ষ্মীমনি দেৱীৰ
বোৱাৰীয়েকৰ সৈতে শতায়ু গৰকা বৃদ্ধাৰ কি সংঘাত?
মৃত্যুৰ দুঘন্টা পূৰ্বে কিয় কান্দিছিল লক্ষ্মীমনি দেৱীয়ে?
ৰহস্যজনক ঘটনাক লৈ বিশ্বনাথ আৰক্ষীৰ তদন্ত আৰম্ভ

দেওবাৰে সন্ধিয়াৰে পৰা বিশ্বনাথৰ শান্তিপুৰত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই। এক ৰহস্যজনক মৃত্যুৰ আতংকই প্ৰতি নিয়ত শিহঁৰিত কৰি তুলিছে সকলোকে। বিশ্বনাথৰ শান্তিপুৰত মানুহৰ মাজত এটাই প্ৰশ্ন- কি হ’ল, কেনেকৈ হ’ল?
শান্তিপুৰৰ এই এমহলীয়া অট্টালিকাটোতে দেওবাৰে সন্ধিয়া প্ৰায় ৮ বজাত সংঘটিত হৈ গ’ল এক অনাকাংক্ষিত শিহৰণকাৰী ঘটনা। অট্টালিকাটোৰ তলৰ মহলাৰ এটা কোঠাৰ শোৱাপাটীত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু এগৰাকী বৃদ্ধাৰ। নিহত বৃদ্ধাগৰাকীৰ নাম লক্ষ্মীমনি দেৱী। পৰিয়ালৰ মতে বয়স ১০০ পাৰ হৈছে। বাৰ্ধক্যজনিত ৰোগৰ বাবেই খোজ কাঢ়িব নোৱাৰে বৃদ্ধাই। দুই পুত্ৰ ভৰত চন্দ্ৰ দাস আৰু ৰামানন্দ দাসৰ লগতে আছিল বৃদ্ধা মাতৃ। দেওবাৰে সন্ধিয়া নিজৰ কোঠাৰ বিচনাত অকলেই পৰি আছিল লক্ষ্মীমনি দেৱী। কিন্তু হঠাৎ এক ৰহস্যজনক অগ্নিকাণ্ডত ছটফটাই শিহৰণকাৰী মৃত্যুক সাৱটি লয় লক্ষ্মীমনি দেৱীয়ে।

আশ্বৰ্যজনকভাবে ঘটনাৰ সময়ত ঘৰত সকলো আছিল। পুত্ৰ, বোৱাৰী, নাতি-নাতিনী আছিল ওপৰ মহলাত। বৃদ্ধাৰ মৃত্যুৰ পিছতহে ঘটনা সন্দৰ্ভত জ্ঞাত হয় পৰিয়ালটো।

বোৱাৰীয়েকৰ মতে প্ৰায়েই ভ্ৰম বকিছিল বৃদ্ধাগৰাকীয়ে। দেওবাৰে সন্ধিয়া বোৱাৰীয়েকে দিব খোজা চাহো নাখালে হেনো। গালি পাৰি বোৱাৰীয়েকক ওলাই যাবলৈ কৈছিল বৃদ্ধাই।

ইপিনে প্ৰতিবেশী এগৰাকী মহিলাৰ মতে দেওবাৰে সন্ধিয়া অজ্ঞাত কাৰণত কান্দিছিল শতায়ু গৰকা বৃদ্ধাই। প্ৰায় দুঘন্টামান পিছত বৃদ্ধাৰ কোঠাৰ পৰা ধোঁৱা বাহিৰ হোৱা দেখে তেওঁলোকে। দৌৰি আহি পুত্ৰ বোৱাৰীক চিঞৰে।

ৰহস্যজনক ঘটনাটোক লৈ তদন্ত আৰম্ভ কৰিছে বিশ্বনাথ আৰক্ষীয়ে। দেওবাৰে সন্ধিয়াই তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে ঘটনাস্থলী। বহু কাৰণত এই ঘটনাক কেৱল এক দুৰ্ঘটনা বুলি মানি ল’বলৈ টান পাইছে আৰক্ষীয়ে। আৰক্ষী আৰু প্ৰতিবেশী সচেতন ৰাইজৰ মনত দোলা দি গৈছে উত্তৰবিহীন বহু প্ৰশ্নই।
বৃদ্ধাৰ মৃত্যুৰ পিছতহে কেনেকৈ গম পালে পৰিয়ালে?
তলৰ মহলাত হোৱা জুইৰ কথা গমেই নাপালেনে পৰিয়ালে?
সন্ধিয়া কিয় কান্দিছিল বৃদ্ধাগৰাকীয়ে?
বোৱাৰীয়েকৰ সৈতে কিহৰ সংঘাত আছিল বৃদ্ধাৰ?
অগ্নিদগ্ধ হৈ বৃদ্ধাৰ মৃত্যু, বিচনাখন নজ্বলাকৈয়ে থাকিল!

সকলোৰে আশা বিশ্বনাথ আৰক্ষীৰ নিৰপেক্ষ তদন্তইহে উদঙাব বৃদ্ধাৰ মৃত্যুৰ আঁৰৰ ৰহস্য।

Leave A Reply

Your email address will not be published.