শিৱানী-গীতাঞ্জলিৰ অসমীয়াগিৰি! ৯০ টকাৰে আৰম্ভ কৰা নিমকি ব্যৱসায় আজি জনপ্ৰিয়…

গুৱাহাটী, ১৭ জুলাই, NKTV: শিৱানী আৰু গীতাঞ্জলিৰ অসমীয়াগিৰি। নিমকি তৈয়াৰ কৰি ডিব্ৰুগড় চহৰৰ মানুহৰ ঘৰে ঘৰে বিক্ৰী কৰে শিৱানী আৰু গীতাঞ্জলিয়ে। চৰকাৰী চাকৰি লৈ বাট নাচায় নিমকী তৈয়াৰ কৰি ঘৰে ঘৰে দোকানে দোকানে বিক্ৰী কৰি দেখুৱাইছে অসমীয়াগিৰি। ডিব্ৰুগড় চহৰৰ মিলন নগৰৰ শিক্ষিত যুৱতী গীতাঞ্জলি এতিয়া হাজাৰ জনৰ বাবে আদৰ্শ। দেউতাকৰ মৃত্যু হোৱাৰ পাছত আৰ্থিকভাৱে ভাগি পৰা পৰিয়ালটোক সকাহ দিবৰ বাবে হাতত ৯০ টকা লৈ নিমকি বনাবলৈ আৰম্ভ কৰা গীতাঞ্জলিক লগ দিয়ে ভাই বোৱাৰী শিৱানী শইকীয়াই। ৯০ টকাৰে আৰম্ভ কৰা সেই ব্যৱসায় আজি পৰিণত হ’ল এটা চিনাকি নামলৈ। পুৱাই নিমকি বনাই লৈ যায় দোকানে দোকানে বিক্ৰী কৰিবলৈ। প্ৰতি দিনে ২০০ৰো অধিক দোকানত যোগান ধৰে নিমকি। ঘৰে ঘৰে গৈও দিয়ে নিমকি। এতিয়া বহুতেই পুৱা হাতত চাহ কাপ লৈ অপেক্ষা কৰে গীতাঞ্জলী নিমকি অহালৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...