শিৱানী-গীতাঞ্জলিৰ অসমীয়াগিৰি! ৯০ টকাৰে আৰম্ভ কৰা নিমকি ব্যৱসায় আজি জনপ্ৰিয়…

গুৱাহাটী, ১৭ জুলাই, NKTV: শিৱানী আৰু গীতাঞ্জলিৰ অসমীয়াগিৰি। নিমকি তৈয়াৰ কৰি ডিব্ৰুগড় চহৰৰ মানুহৰ ঘৰে ঘৰে বিক্ৰী কৰে শিৱানী আৰু গীতাঞ্জলিয়ে। চৰকাৰী চাকৰি লৈ বাট নাচায় নিমকী তৈয়াৰ কৰি ঘৰে ঘৰে দোকানে দোকানে বিক্ৰী কৰি দেখুৱাইছে অসমীয়াগিৰি। ডিব্ৰুগড় চহৰৰ মিলন নগৰৰ শিক্ষিত যুৱতী গীতাঞ্জলি এতিয়া হাজাৰ জনৰ বাবে আদৰ্শ। দেউতাকৰ মৃত্যু হোৱাৰ পাছত আৰ্থিকভাৱে ভাগি পৰা পৰিয়ালটোক সকাহ দিবৰ বাবে হাতত ৯০ টকা লৈ নিমকি বনাবলৈ আৰম্ভ কৰা গীতাঞ্জলিক লগ দিয়ে ভাই বোৱাৰী শিৱানী শইকীয়াই। ৯০ টকাৰে আৰম্ভ কৰা সেই ব্যৱসায় আজি পৰিণত হ’ল এটা চিনাকি নামলৈ। পুৱাই নিমকি বনাই লৈ যায় দোকানে দোকানে বিক্ৰী কৰিবলৈ। প্ৰতি দিনে ২০০ৰো অধিক দোকানত যোগান ধৰে নিমকি। ঘৰে ঘৰে গৈও দিয়ে নিমকি। এতিয়া বহুতেই পুৱা হাতত চাহ কাপ লৈ অপেক্ষা কৰে গীতাঞ্জলী নিমকি অহালৈ।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...