যোৰহাটৰ লিচুবাৰী বিস্ফোৰণ কাণ্ডৰ চাৰ্জশ্বীট NIAৰ

যোৰহাটৰ লিচুবাৰী সেনা চাউনিৰ বিস্ফোৰণ কাণ্ডৰ চাৰ্জশ্বিট NIAৰ। চাৰ্জশ্বিটত নাই তিতাবৰৰ নিৰীহ যুৱক দীপাংকৰ গগৈৰ নাম। ২০২৩ৰ ১৪ ডিচেম্বৰত সংঘটিত হৈছিল বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণত জড়িতৰ অভিযোগত ভয়ংকৰ নিৰ্যাতনৰ বলি হৈছিল দীপাংকৰ। আৰক্ষীৰ বৰ্বৰোচিত আক্ৰমণৰ বলি হৈ দীপাংকৰে আত্মহত্যা কৰাৰ অভিযোগ। ২০২৩ৰ ২৬ ডিচেম্বৰত চীপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল দীপাংকৰ গগৈৰ মৃতদেহ। তেতিয়াই তিতাবৰ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ আনিছিল স্থানীয় ৰাইজে। NIAৰ চাৰ্জশ্বিটতো প্ৰমাণ হ’ল দীপাংকৰ গগৈৰ নিৰ্দোষীতাৰ কথা। আলফা (স্বাঃ)ৰ নেতা আইচেং অসম বিস্ফোৰণত জড়িতৰ অভিযোগ NIAৰ। NIAৰ এই চাৰ্জশ্বিটৰ পিছতে তিতাবৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। তিতাবৰৰ তদানীন্তন আৰক্ষী বিষয়া সকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী পৰিয়ালৰ। বিষয়াসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী তুলিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও। সেই সময়ত যোৰহাটৰ SP আছিল মোহনলাল মিনা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...