মহাকুম্ভ মেলাৰ পূৰ্বেই লোকাৰণ্য প্ৰয়াগৰাজ

বিশ্বৰে সৰ্ববৃহৎ মহা সমাৰোহ মহাকুম্ভ মেলা এইবাৰ অনুষ্ঠিত হ’ব উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত। ১৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব লগা মহাকুম্ভ মেলাৰ বাবে ইতিমধ্যেই দেশ–বিদেশৰ সাধু–সন্তৰ আগম ঘটিছে প্ৰয়াগৰাজলৈ। গংগাস্নান, গংগা আৰতিৰে উত্সৱমুখৰ হৈ পৰিছে মহাকুম্ভ মেলাস্থলী। ১২ বছৰৰ মুৰে মুৰে অনুষ্ঠিত হোৱা মহাকুম্ভ মেলাৰ বাবে দীৰ্ঘদিন অপেক্ষা কৰে সাধু–সন্ত, ভক্তই। প্ৰায়সকল হিন্দুৱে মহাকুম্ভ মেলা দৰ্শনৰ ইচ্ছা কৰে। প্ৰয়াগৰাজত সেয়ে লাখ লাখ লোকৰ সমাৱেৰ আগজাননী পোৱা গৈছে। এয়া মহাকুম্ভ মেলাৰ পূৰ্বৰ দৃশ্য। ডাঠ কুৱলীয়ে ঢাকি ৰখা প্ৰয়াগৰাজত হাজাৰ হাজাৰ লোকৰ সমাৱেশ। ১০–১৭ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাতো চলিছে গংগাস্নান।

মহাকুম্ভ মেলাৰ অন্যতম আকৰ্ষণ ‘ৱাষ্ট টু অণ্ডাৰ’। পেলনীয়া সামগ্ৰীৰ বিস্ময়। ১২ জ্যোতিৰ্লিংগৰ প্ৰতীকি নিৰ্মাণ কৰা হৈছে পেলনীয়া সামগ্ৰীয়ে। শিৱালয়া উদ্যান নিৰ্মাণ কৰি স্থাপন কৰা হৈছে ১২ জ্যোতিৰ্লিংগৰ প্ৰতীকি। অৱশ্যে এই উদ্যানত প্ৰৱেশ কৰিবলৈ টিকট ল’ব লাগিল। শনি দেওবাৰে ১০০ টকা আৰু বাকী দিনত ৫০ টকীয়া টিকটৰ ব্যৱস্থা কৰা হৈছে।

বহু প্ৰভাবশালী সন্ত আহিলে ভক্তবৃন্দক লগত লৈ। শোভাযাত্ৰা কৰি অহা সন্ত, ভক্তৰ আগমনেও সৃষ্টি কৰিছে আকৰ্ষণ। মহাকুম্ভ মেলাৰ বাবে চৰকাৰেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ওপঙা জিৰনি ঘৰ, হোটেল–ৰেষ্টোৰা, স্নানাগাৰ আদিৰ ব্যৱস্থা কৰা হৈছে। গংগা, যমুনা সৰস্বতীৰ সংগমস্থলত ২৬ ফেব্ৰৱাৰীলৈ চলিব এই মহাকুম্ভ মেলা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...