নিয়ৰসনা ডিচেম্বৰতো নাই গ্ৰীটিংছ কাৰ্ডৰ আকুলতা

চাওতে চাওতে আকৌ অতীত হ’ব এটা বছৰ। পুৰণিৰ স্মৃতি সামৰি সকলোৱে আদৰিব এটা নতুন বছৰক। চৌদিশে এতিয়া নতুনক আদৰাৰ প্ৰস্তুতি। ইজনে সিজনক জনাইছে আহিবলগা বছৰৰ শুভেচ্ছা। শুভেচ্ছাৰে ভৰিছে ফেচবুক, ৱাটচএপ। কিন্তু এইবোৰৰ মাজতেই যেন হেৰাই গ’ল গ্ৰীটিংছ কাৰ্ড। এটা প্ৰজন্মৰ আৱেগৰ নাম গ্ৰীটিংছ কাৰ্ড। এটা প্ৰজন্মৰ শুভেচ্ছাৰ মাধ্যম গ্ৰীটিংছ কাৰ্ড। কিন্তু আপোনাক-মোক ৰোমাঞ্চিত কৰা সেই গ্ৰীটিংছ কাৰ্ডখন এতিয়া অতীত।

এটা সময় আছিল, নৱবৰ্ষৰ প্ৰাকক্ষণত প্ৰিয়জনৰ গ্ৰীটিংচ কাৰ্ডখনলৈ বাট চাইছিল সকলোৱে। কিন্তু সময়ৰ সোঁতত যেন কথাবোৰ সলনি হ’ল। এই নিয়ৰসনা ডিচেম্বৰতো নাই গ্ৰীটিংছ কাৰ্ডৰ আকুলতা। স্মৃতি হৈ ৰ’ল একালৰ শুভেচ্ছাবাহক গ্ৰীটিংছ কাৰ্ড।

পূৰ্বতে নৱবৰ্ষ মানেই যেন গ্ৰীটিংছ কাৰ্ড। গ্ৰীটিংছ কাৰ্ড বিচাৰি ভিৰ বাঢ়িছিল দোকানত। সকলোৱে বিচাৰিছিল ভালতকৈও ভাল এখন গ্ৰীটিংছ কাৰ্ড। হেঁপাহৰ গ্ৰীটিংছ কাৰ্ডখন বিচাৰি ডাকঘৰলৈও চলিছিল তাতবাটি। পিছে এতিয়া সেইবোৰ অতীত হ’ল।

ডিজিটেল যুগে যেন বিলুপ্তি ঘটালে সেই গ্ৰীটিংছ কাৰ্ডখনৰ। এতিয়া কোনোবা আপোনজনে দিয়া সেই গ্ৰীটিংছ কাৰ্ডখনলৈ নাই কাৰোৰে আকুলতা নাইবা হেঁপাহ। বৰ্তমান ফেচবুক, ইনষ্টাগ্ৰামৰ জৰিয়তে জনোৱা হয় শুভেচ্ছা। কিন্তু ইয়াৰ মাজতে আপোনাৰ-মোৰ দৰে বহুজনক নষ্টালজিক কৰে এৰি অহা দিনৰ সেই মিঠা স্মৃতিখিনিয়ে।

সঁচাই এতিয়া সেই দিন নাই। কিন্তু আপোনজনে হাতেৰে লিখি দিয়া গ্ৰীটিংছ কাৰ্ডখনৰ অনুভৱেই আছিল সুকীয়া। পুনৰ উভতি আহক গ্ৰীটিংছ কাৰ্ডৰ সেই ধাৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...