নিয়ৰসনা ডিচেম্বৰতো নাই গ্ৰীটিংছ কাৰ্ডৰ আকুলতা

চাওতে চাওতে আকৌ অতীত হ’ব এটা বছৰ। পুৰণিৰ স্মৃতি সামৰি সকলোৱে আদৰিব এটা নতুন বছৰক। চৌদিশে এতিয়া নতুনক আদৰাৰ প্ৰস্তুতি। ইজনে সিজনক জনাইছে আহিবলগা বছৰৰ শুভেচ্ছা। শুভেচ্ছাৰে ভৰিছে ফেচবুক, ৱাটচএপ। কিন্তু এইবোৰৰ মাজতেই যেন হেৰাই গ’ল গ্ৰীটিংছ কাৰ্ড। এটা প্ৰজন্মৰ আৱেগৰ নাম গ্ৰীটিংছ কাৰ্ড। এটা প্ৰজন্মৰ শুভেচ্ছাৰ মাধ্যম গ্ৰীটিংছ কাৰ্ড। কিন্তু আপোনাক-মোক ৰোমাঞ্চিত কৰা সেই গ্ৰীটিংছ কাৰ্ডখন এতিয়া অতীত।

এটা সময় আছিল, নৱবৰ্ষৰ প্ৰাকক্ষণত প্ৰিয়জনৰ গ্ৰীটিংচ কাৰ্ডখনলৈ বাট চাইছিল সকলোৱে। কিন্তু সময়ৰ সোঁতত যেন কথাবোৰ সলনি হ’ল। এই নিয়ৰসনা ডিচেম্বৰতো নাই গ্ৰীটিংছ কাৰ্ডৰ আকুলতা। স্মৃতি হৈ ৰ’ল একালৰ শুভেচ্ছাবাহক গ্ৰীটিংছ কাৰ্ড।

পূৰ্বতে নৱবৰ্ষ মানেই যেন গ্ৰীটিংছ কাৰ্ড। গ্ৰীটিংছ কাৰ্ড বিচাৰি ভিৰ বাঢ়িছিল দোকানত। সকলোৱে বিচাৰিছিল ভালতকৈও ভাল এখন গ্ৰীটিংছ কাৰ্ড। হেঁপাহৰ গ্ৰীটিংছ কাৰ্ডখন বিচাৰি ডাকঘৰলৈও চলিছিল তাতবাটি। পিছে এতিয়া সেইবোৰ অতীত হ’ল।

ডিজিটেল যুগে যেন বিলুপ্তি ঘটালে সেই গ্ৰীটিংছ কাৰ্ডখনৰ। এতিয়া কোনোবা আপোনজনে দিয়া সেই গ্ৰীটিংছ কাৰ্ডখনলৈ নাই কাৰোৰে আকুলতা নাইবা হেঁপাহ। বৰ্তমান ফেচবুক, ইনষ্টাগ্ৰামৰ জৰিয়তে জনোৱা হয় শুভেচ্ছা। কিন্তু ইয়াৰ মাজতে আপোনাৰ-মোৰ দৰে বহুজনক নষ্টালজিক কৰে এৰি অহা দিনৰ সেই মিঠা স্মৃতিখিনিয়ে।

সঁচাই এতিয়া সেই দিন নাই। কিন্তু আপোনজনে হাতেৰে লিখি দিয়া গ্ৰীটিংছ কাৰ্ডখনৰ অনুভৱেই আছিল সুকীয়া। পুনৰ উভতি আহক গ্ৰীটিংছ কাৰ্ডৰ সেই ধাৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...