চীনৰ আগ্ৰাসন ৰোধৰ বাবে লাডাখৰ LoCত নিৰ্মাণ হৈ আছে নতুন পথ

পশ্চিমত দৃশ্যমান পাক অধিকৃত গিলগিট-বালটিস্তানৰ কাৰাকোৰাম পৰ্বতশৃংখল। দূৰৈত ভাৰত-চীনৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখা (লাইন অৱ একচুৱেল কণ্ট্ৰ’ল বা এলঅ’চি)। তাৰ মাজতে সমুদ্ৰপৃষ্ঠৰ পৰা ১৬ হাজাৰ ফুট উচ্চতাত অৱস্থিত ভাৰতীয় বায়ুসেনাৰ বিমানঘাটি দৌলত বেগ ওল্ডি (যাক ‘ডিবিঅ’ নামেৰে জনা যায়)। এইবাৰ দ্ৰুত সেনা মোতায়েনৰ উদ্দেশ্যে নতুন বিকল্প পথ নিৰ্মাণ কৰি আছে নতুন দিল্লীয়ে।

২০২০ চনৰ জুন মাহত চীনৰ সৈতে সংঘৰ্ষৰ পৰিস্থিতিত বৰ্ডাৰ ৰ’ডছ অৰ্গেনাইজেশ্যনে (বিআৰঅ’) দৌলত বেগ ওল্ডিত উপনীত হ’বলৈ বিকল্প পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। নতুন পথটোৱে লাডাখৰ ৰাজধানী লেহৰ পৰা দৌলত বেগ ওল্ডিৰ দূৰত্ব ৭৯ কিলোমিটাৰ কমাই আনিব। যাত্ৰাৰ সময় দুদিনৰ পৰা কমি মাত্ৰ ১১-১২ ঘণ্টা হ’ব। বৰ্তমান দাৰবুক-শ্বিয়ক-ডিবিঅ’ পথটোৱে বহু ঠাইত এলঅ’চি স্পৰ্শ কৰিছে। ফলত সেনাই এইটোক বিপদজনক বুলি ভাৱে। নতুন পথটোত চীনৰ নজৰদাৰী বা আকস্মিক আক্ৰমণৰ দৰে বিপদ নাথাকিব। সেনাৰ সূত্ৰৰ খবৰ অনুসৰি, আগন্তুক বছৰৰ পৰা এই নতুন পথ চলাচলৰ বাবে মুকলি হ’ব।

লেহৰ পৰা ছাছোমা-ছাছাৰ লা-ছাছাৰ ব্ৰাংছা-গাপশান-ডিবিঅ’লৈকে ১৩০ কিলোমিটাৰ দীঘল এই নতুন পথটো গধুৰ  সামৰিক সঁজুলি পৰিবহণৰ বাবেও উপযোগী হ’ব। উল্লেখযোগ্য যে, ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সময়ত ডিবিঅ’ এয়াৰষ্ট্ৰিপ নিৰ্মাণ কৰা হৈছিল। দীঘলীয়া চাৰি দশক ধৰি অব্যৱহৃত অৱস্থাত থকাৰ পিছত ২০০৮ চনত আমূল সংস্কাৰৰ পিছত এই বিমানঘাটি পুনৰ মুকলি কৰা হৈছিল। ২০২০ চনৰ গালৱান পৰ্বৰ সময়ত এলঅ’চিত দ্ৰুত সেনা আৰু সমৰাস্ত্ৰ পঠোৱাৰ ক্ষেত্ৰত ডিবিঅ’ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই এয়াৰষ্ট্ৰিপ সদায় চীনৰ বাবে মূৰৰ কামোৰণি। বেইজিঙৰ আশংকা, যুদ্ধ আৰম্ভ হ’লে এই এয়াৰষ্ট্ৰিপৰ জৰিয়তে ভাৰতে চীন-পাকিস্তান ইকনমিক কৰিডৰ (চিপেক)ৰ ওপৰত সহজে আক্ৰমণ চলাব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...