ঢকুৱাখানাত ক্লুলেছ বিয়াগোম আৰক্ষী বিভাগ

নিত্য নতুন খবৰৰ পিছতো বতাহত মিলি গ’ল এটা মৃতদেহৰ পৰা মুণ্ড, নোহোৱা হ’ল বিজেপি নেতা সুনীল গগৈ। ঘটনাৰ পিছদিনাই ঘটনাস্থীত চি আই ডিৰ আইজিপি সংযুক্তা পৰাশৰে অনুসন্ধান চলোৱা স্থানত পুনৰ তদন্তৰ আৰম্ভ কৰিবলৈ গ’ল চি আই ডিৰ এটা দল। নেতৃত্বত SP সুধাকৰ সিং। দলটোত আছে চিআইডি ইন্সপেক্টৰ ত্ৰিভূৱন শইকীয়া। সুনীল গগৈ কাণ্ডৰ ইনভেষ্টিগেটিঙ অফিছাৰ ৰবীন ডেকাও উপস্থিত লখিমপুৰৰ আৰক্ষী বিষয়া মেছত। ইতিপূৰ্বে সন্ধানহীন সুনীল গগৈয়ে ব্যৱহাৰ কৰা অন্য এটা নম্বৰৰ আৱিৰ্ভাবে ঘটনাক দিছে এক ন মোৰ।

ঘটনাৰ দুদিন পূৰ্বে ছিমকাৰ্ড সলনি কৰিছিল সুনীলে। লৈছিল এটা নতুন এয়াৰটেল নম্বৰ। সেই নম্বৰৰ পৰা একেজন মানুহলৈ দুবাৰ ফোন কৰিছিল সুনীল গগৈয়ে। টেণ্ট হাউছৰ ব্যৱসায় থকা সুনীলৰ বন্ধু বসন্ত ফুকন সাক্ষী সেই ফোন নম্বৰটোৰ পৰা অহা কল দুটাৰ। নতুন নম্বৰেৰে কল কৰি সুনীলে বসন্ত ফুকনক জনাইছিল কিছু কথা। কৈছিল নিজৰ জীৱনলৈ কিদৰে আহিছে ভাবুকি।

একেটা নম্বৰৰ পৰা দুবাৰ যোগাযোগ কৰিছিল বসন্তক। সেই নম্বৰৰ লগত সুনীলে সংলগ্ন কৰিছিল সকলো বেংক একাউণ্ট। ৩১ মে’ত কৰা দ্বিতীয়টো ফোন কলতো একেই কথা। সুনীলৰ ভয়।

১ জুনত লগ পাব বুলি উল্লেখ কৰিছিল সুনীলে ফোনতে বসন্তক। কিন্তু তাৰ আগতেই ঘটি গ’ল ঘটনাটো। বসন্তলৈ ফোন কৰাৰ পূৰ্বে আন এজন ৰহস্যজনক লোকলৈ ফোন কৰিছিল সুনীলে। নিজৰ মোবাইলৰ পৰা নহয় সম্পৰ্কীয় ভতিজাকৰ মোবাইলৰ পৰা কৰিছিল সেই ফোন। NKTVত সুনীলৰ ভতিজাকৰ চাঞ্চল্যকৰ বিবৰণ।

ঘটনাক কেন্দ্ৰ কৰি নিতৌ ঘণীভূত হৈছে ৰহস্য। ইফালে বৃহস্পতিবাৰে চিআইডিয়ে দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে আশা বাঢ়িছে সুনীলৰ পৰিয়ালৰ। আৰক্ষীক সহযোগিতা আগবঢ়োৱাৰ পাছতো একো ফল নধৰিল বুলি আক্ষেপ সুনীল পত্নীৰ।

আনহাতে ঘটনাত উদ্ধাৰ হোৱা মুণ্ডহীন দেহ যিজন জাহাংগীৰৰ বুলি প্ৰকাশ পাইছিল সেই পৰিয়ালেও আজিলৈ নাপালে মুণ্ড অথবা দেহটো। পৰিয়ালে নাপালে DNA প্ৰতিবেদনৰ কপী। ঘটনাৰ ২৮ দিন উকলিল। ন্যায় বিচাৰি ধুবুৰীৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত জাহাংগীৰৰ পৰিয়াল। বিচাৰিছে ন্যায়।

ঘটনাই দিনে দিনে লৈছে নতুন ৰূপ। ঘটনাৰ পিছদিনাই ঘটনাস্থলীত আৰক্ষীৰ উচ্চ পদস্থ বিষয়ববীয়াৰ লগতে উপস্থিত হৈছিল চি আই ডিৰ আইজিপি সংযুক্তা পৰাশৰ। কিন্তু ইমান দিনৰ আৰক্ষীৰ বিফলতাৰ পিছত চিআইডিক নতুন কৈ দায়িত্ব অৰ্পণ কৰাকলৈও সৃষ্টি হৈছে ৰহস্যৰ। এয়া তদন্ত দীঘলীয়া কৰি যোৱাৰ কৌশল নে আৰক্ষীৰ বিফলতাৰ স্পষ্ট দস্তাবেজ। পৰৱৰ্তী পৰ্যায়ত মুকলি হ’ব ঘটনাৰ ধূসৰ চিত্ৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...