এতিয়াৰে পৰা চিটীবাছত ইমান টকাহে ভাড়া ল’ব পাৰিব, অন্যথা WhatsApp কৰক এই নম্বৰত

গুৱাহাটী মহানগৰীত অধিকাংশ লোকে চিটী বাছ বা ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে।

প্ৰশাসনে চিটী বাছসমূহৰ ভাড়াৰ নিৰিখ নিৰ্ধাৰণ কৰি দিছে।

কামৰূপ মহানগৰ জিলাৰ বিভিন্ন পথত চলাচল কৰা চিটী বাছৰ নিৰিখ প্ৰকাশ কৰিছে প্ৰশাসনে।

নিয়ম নমনা চালক অথবা বাছসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’ব প্ৰশাসনে। ইতিমধ্যে সাধাৰণ ৰাইজৰ বাবে নম্বৰো মুকলি কৰিছে।

কোনো অভিযোগ অথবা আপত্তি থাকিলে পোনপটীয়াকৈ যোগাযোগ বা অভিযোগ দাখিল কৰিব পাৰিব। WhatsAppযোগেও যান-বাহন আৰক্ষীক দাখিল কৰিব পাৰিব অভিযোগ।

গ্ৰাহক বা সাধাৰণ ৰাইজে যিকোনো অভিযোগ 69012-69006 আৰু 60261-76755 নম্বৰত WhatsApp যোগে প্ৰেৰণ কৰিব পাৰিব। অন্যথা পৰিবহন বিভাগ(এনফৰ্ছমেণ্ট)ক 95311 07482 নম্বৰত প্ৰত্যক্ষ যোগাযোগ কৰিব পাৰে।

উদণ্ড চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব প্ৰশাসনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...