প্ৰাক্তন ৰজাৰ প্ৰতিচ্ছবি পিছফালে ৰাখি দেশক সম্বোধন নেপালৰ সেনাধ্যক্ষৰ; দেশখনলৈ ৰাজতন্ত্ৰ পুনৰ ঘূৰি অহাৰ সংকেত দিছে নেকি?

নেপালৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ পদত্যাগৰ পিছত দেশৰ দায়িত্ব গ্ৰহণ কৰিছে সেনাবাহিনীয়ে। বৰ্তমান নেপালত সেনাৰ শাসন চলি আছে। এই পৰিস্থিতিত ভাৰতৰ এই প্ৰতিবেশী ৰাষ্ট্ৰখনৰ ভৱিষ্যতৰ বিষয়ে জল্পনা-কল্পনা আৰম্ভ হৈছে। নেপালত পুনৰ ৰাজতন্ত্ৰৰ প্ৰত্যাৱৰ্তন হ’ব নেকি? ৰজাৰ শাসনৰ দাবীত ইতিমধ্যে দেশখনত কেইবাবাৰো বিক্ষোভ হৈছে। অলিৰ চৰকাৰৰ পতনৰ পিছত এই জল্পনা-কল্পনা আৰু তীব্ৰ হৈছে। নেপালৰ সেনাপ্ৰধান অশোক ৰাজ চিগডেলৰ ভাষণে এই চৰ্চা বহু পৰিমাণে বৃদ্ধি কৰিছে।

মঙলবাৰে সন্ধিয়া অলিৰ পদত্যাগৰ পিছত দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে সেনাপ্ৰধান চিগডেলে। তেওঁ জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ অনুৰোধ জনায়। কিন্তু তেওঁৰ ভাষণতকৈও সকলোৰ দৃষ্টি আকৰ্ষণ কৰিছিল তেওঁৰ আসনৰ পিছফালে থকা এখন ছবিয়ে। নেপালৰ প্ৰাক্তন ৰজা পৃথ্বীনাৰায়ণ শ্বাহৰ এখন বৃহৎ বন্ধোৱা ছবিৰ সন্মুখত বহি তেওঁ এই ভাষণ প্ৰদান কৰিছিল। এই ছবিখনৰ বাবেই জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। বহুতে দাবী কৰিছে যে, এই ছবিখনৰ জৰিয়তে চিগডেলে কোনো বিশেষ ইংগিত দিব খুজিছিল। নেপালত ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে সেনাই পদক্ষেপ ল’ব নেকি? এই প্ৰশ্নৰ জন্ম হৈছে বহুতৰে মনত।

জনসাধাৰণৰ উদ্দেশ্যে দিয়া বাৰ্তাত সেনাপ্ৰধানে ৰাজতন্ত্ৰৰ কোনো উল্লেখ কৰা নাছিল। তেওঁ কৈছিল, “নেপালৰ সেনা দেশৰ জনগণৰ প্ৰতি সদায় দায়বদ্ধ। নেপালৰ ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ বাবে সেনা প্ৰস্তুত। আমি নেপালবাসীক শান্ত হৈ থাকিবলৈ আৰু বিক্ষোভকাৰীসকলক জনসাধাৰণৰ সম্পত্তি ধ্বংসৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছো।”

কিন্তু সেনাপ্ৰধানৰ পিছফালে থকা এই প্ৰাক্তন ৰজাজন কোন? অষ্টাদশ শতিকাৰ মধ্যভাগত মাত্ৰ বিশ বছৰ বয়সত পৃথ্বীনাৰায়ণ শ্বাহ নেপালৰ সিংহাসনত বহিছিল। তেওঁক আধুনিক নেপালৰ স্থপতি বুলি গণ্য কৰা হয়। ৰাজপুত বংশৰ এই ৰজাই কৌশলগত কূটনীতিৰ জৰিয়তে নেপালৰ ৫০খনতকৈ অধিক খণ্ডিত ৰাজ্যক একত্ৰিত কৰিছিল। কাঠমাণ্ডুক নেপালৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল এই পৃথ্বীয়ে। নেপালৰ বৰ্তমানৰ সেনাবাহিনীত পৃথ্বীৰ প্ৰতি এক বিশেষ স্থান সদায়েই আছে। সেনাৰ বিভিন্ন প্ৰতিষ্ঠান আৰু সামৰিক কাঠামোৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে। আনকি, ২০২৪ৰ ছেপ্টেম্বৰত যেতিয়া চিগডেলে সেনাপ্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিছিল, তেতিয়াও তেওঁৰ পিছফালে এই প্ৰাক্তন ৰজাজনৰ ছবি আছিল।

উল্লেখযোগ্য যে, ২০০৮ চনলৈকে নেপালত ৰাজতন্ত্ৰৰ শাসন প্ৰতিষ্ঠা হৈছিল। শেষ ৰজা জ্ঞানেন্দ্ৰ শ্বাহৰ পতনৰ পিছত দেশখনত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল। কিন্তু পিছৰ ১৭ বছৰত নেপালত কোনো চৰকাৰেই স্থিৰভাৱে টিকি থাকিব নোৱাৰিলে। মুঠ ১৩ বাৰ চৰকাৰ সলনি হৈছে। অলিৰ চৰকাৰৰ ওপৰত জনৰোষৰ অন্যতম কাৰণ আছিল দুৰ্নীতি আৰু স্বজনতোষণ। তথাপিও এই ক্ষোভৰ প্ৰকাশ তীব্ৰ হৈছিল যেতিয়া চৰকাৰে সামাজিক মাধ্যমৰ ওপৰত হঠাৎ নিষেধাজ্ঞা জাৰি কৰিছিল। নেপালৰ তৰুণ সমাজে এই সিদ্ধান্তৰ বিৰুদ্ধে ওলাই আহিছিল। সোমবাৰে দিনজোৰা বিক্ষোভত কাঠমাণ্ডু অগ্নিগৰ্ভা হৈ পৰিছিল। বিক্ষোভকাৰীসকলক ৰোধ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিছিল, যাৰ ফলত ১৯ জনলোকৰ মৃত্যু হৈছিল। ইয়াৰ পৰিণতিত বিক্ষোভৰ তীব্ৰতা আৰু বৃদ্ধি পাইছিল। অলিয়ে সেই নিশায়েই সামাজিক মাধ্যমৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছিল। কিন্তু পৰৱৰ্তী দিনটোত তেওঁৰ পদত্যাগৰ দাবীত বিক্ষোভ তীব্ৰতৰ হৈ পৰিছিল। শেষত অলিয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...