ধৰ্ষণ কৰি হত্যা কৰা হৈছিল কলিয়াবৰৰ কণমাণি কিশোৰীক

ধৰ্ষণ কৰি হত্যা কৰা হৈছিল কলিয়াবৰৰ কণমাণি কিশোৰীক। ১৪ বছৰীয়া কিশোৰ ভাতৃৰ কামনাৰ বলি হৈছিল ৮ বছৰীয়া ভগ্নী। ধৰ্ষণৰ পাছতে হত্যা কৰি গাঁত খান্দি পুতি ৰখা হৈছিল মৃতদেহ। অৱশেষত ৰহস্য ভেদ হ’ল কলিয়াবৰৰ বৰঘূলিৰ কিশোৰী হত্যাৰ সেই শিহৰণকাৰী ঘটনাৰ। ক’বলৈ আৰু শুনিবলৈ লাজ লগা এই জঘন্য ঘটনাই জোকাৰি গৈছে সমগ্ৰ কলিয়াবৰ। ৮ ছেপ্টেম্বৰত বৰদেউতাকৰ পুত্ৰই কণমানি কিশোৰীগৰাকীক বলাৎকাৰ কৰি হত্যা কৰি গাঁত খান্দি পুতি থৈছিল। পৰিয়াল তথা স্থানীয় লোকে সন্ধানহীন হোৱা বুলি বিচাৰ–খোচাৰ কৰাত বৰদেউতাকৰ ঘৰৰ কাষতেই উদ্ধাৰ হৈছিল মৃতদেহ। ঘটনাস্থলীত উলুৱনি আৰক্ষী উপস্থিত হয় অনুসন্ধান কৰাত ওলাই পৰে উৰহী গছৰ ওৰ। ১৪ বছৰীয়া কিশোৰৰ বিস্ফোৰক স্বীকাৰোক্তিৰ ভিত্তিত PCOSO আইনৰ ধাৰাত আৰক্ষীয়ে ৰুজু কৰে গোচৰ। গ্ৰেপ্তাৰ কৰে ১৪ বছৰীয়া কিশোৰ ধৰ্ষণকাৰীক। পিতৃ ওৱাজ উদ্দিন, মাতৃ ফৰিদা খাতুন, আইতাক খুছিমন নেচাকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৪ অভিযুক্তৰ গ্ৰেপ্তাৰৰ পাছতে কলিয়াবৰবাসীৰ দাবী– উচিত শাস্তি বিহিব লাগে হত্যাকাৰীক। ইপিনে ঘটনা সন্দৰ্ভত বৰ্তমানো তদন্ত অব্যাহত ৰাখিছে চুলুং আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...