ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়ান সেনাত যোগদান ভাৰতীয়ৰ! সকীয়াই দিলে নতুন দিল্লীয়ে

ৰাছিয়ালৈ কাম বিচাৰি গৈ সেই দেশৰ সেনাবাহিনীত যোগদান কৰিছে বহু ভাৰতীয়ই। সংবাদমাধ্যমত এই খবৰ প্ৰকাশিত হোৱাত নতুন দিল্লী তৎপৰ হৈছে। বিদেশ মন্ত্রণালয়ৰ এক বিবৃতিত ৰাছিয়াত বাস কৰা ভাৰতীয়সকলক এই বিষয়ে সাৱধান কৰা হৈছে। বিষয়টোক লৈ ৰাছিয়ান প্ৰশাসনৰ সৈতে কথা হৈছে বুলি বিবৃতিত জনোৱা হৈছে।

বৃহস্পতিবাৰে পুৱা বিদেশ মন্ত্রণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই বিবৃতি প্ৰকাশ কৰিছে। বিবৃতিত ৰাছিয়ান সেনাবাহিনীত যোগদানৰ প্ৰস্তাৱত ৰাজি নহ’ব বুলি পৰামৰ্শ দিয়া হৈছে ৰাছিয়াত বাসকৰা ভাৰতীয়সকলক। সম্প্ৰতি ‘দ্য হিন্দু’ সংবাদপত্ৰৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে, দুজন ভাৰতীয় নিৰ্মাণ শ্ৰমিক কামৰ বাবে ৰাছিয়ালৈ গৈছিল। কিন্তু নিৰ্মাণ সংস্থাত কাম দিয়াৰ সলনি তেওঁলোকক ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়ান সেনাৰ সৈতে যুক্ত কৰা হ’ল। তেওঁলোকে দাবী কৰে যে, তেওঁলোকৰ দৰে আন ১৩জন ভাৰতীয়ই ৰাছিয়ান সেনাৰ হৈ ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ কৰিছে।

বিবৃতিত লিখা হৈছে, “সম্প্ৰতি আমি খবৰ পাইছোঁ যে, ভাৰতীয় নাগৰিকসকলক ৰাছিয়ান সেনাত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰত চৰকাৰে বিগত সময়তো বহুবাৰ এই সম্পৰ্কে ভাৰতীয়সকলক অৱগত কৰিছে।” বিবৃতিত লিখা হৈছে, “নতুন দিল্লী আৰু মস্কোত আমি (ভাৰত) ৰাছিয়ান কৰ্তৃপক্ষৰ সৈতে বিষয়টোক লৈ কথা পাতিছোঁ। কৈছোঁ যে, এই ব্যৱস্থা বন্ধ কৰি আমাৰ নাগৰিকসকলক মুক্তি দিয়া উচিত।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...