ডুবাইও নহয়, চীনো নহয়… এই গোপন স্থানত লুকাই আছে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি

নেপালত বিগত কেইদিনমানৰ পৰা পৰিস্থিতি অতি উত্তপ্ত হৈ পৰিছিল। তৰুণসকলৰ বিক্ষোভে মাত্ৰ দুদিনৰ ভিতৰত চৰকাৰৰ ভেটিত কম্পন আনিছিল। এই চাপত পৰি শেষত প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। পদত্যাগৰ পিছত নানা জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কোনোৱে কৈছিল অলিয়ে ডুবাইলৈ পলায়ন কৰিছে, আন কোনোৱে দাবী কৰিছিল তেওঁ চীনত আছে।

কিন্তু এতিয়া কেপি শৰ্মা অলিয়ে নিজেই এই সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই স্পষ্ট কৰিছে যে- তেওঁ ডুবাই বা চীনলৈ যোৱা নাই। বৰং তেওঁ বৰ্তমান শিৱপুৰীত নেপালৰ সেনাবাহিনীৰ নিৰাপত্তাৰ মাজত আছে। অলিয়ে ফেচবুকত এখন মুকলি চিঠি প্ৰকাশ কৰিছে, য’ত তেওঁ জনসাধাৰণ আৰু বিশেষকৈ তৰুণসকলক সম্বোধন কৰিছে। চিঠিত তেওঁ লিখিছে যে, তেওঁ সেনাৰ জোৱানৰ মাজত নিৰাপদে আছে আৰু এই নিস্তব্ধতাৰ মাজতো শিশু আৰু তৰুণসকলক স্মৰণ কৰিছে। তেওঁ কৈছে যে, শিশুৰ নিৰ্মল হাঁহি আৰু স্নেহে তেওঁক সদায় উৎফুল্লিত কৰে।

আন্দোলনক গভীৰ ষড়যন্ত্ৰ বুলি অভিহিত

চিঠিত অলিয়ে নিজৰ ব্যক্তিগত দুখৰ কথাও উল্লেখ কৰিছে। তেওঁ লিখিছে যে, ব্যৱস্থা পৰিৱৰ্তনৰ সংগ্ৰামৰ সময়ত চৰকাৰৰ নিৰ্যাতনৰ বাবে তেওঁ নিজৰ সন্তানৰ পৰা বঞ্চিত হৈছিল। তেওঁ ১৯৯৪ চনৰ কথা স্মৰণ কৰাইছে, যেতিয়া তেওঁ গৃহমন্ত্ৰী আছিল আৰু তেওঁৰ কাৰ্যকালত চৰকাৰৰ ফালৰ পৰা এটাও গুলী চলোৱা নাছিল।

অলিয়ে বৰ্তমানৰ আন্দোলনক তৰুণসকলৰ প্ৰকৃত কণ্ঠ বুলি অভিহিত কৰা নাই, বৰং ইয়াক এটা গভীৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে। তেওঁৰ মতে, চৰকাৰী কাৰ্যালয়ত অগ্নিকাণ্ড, জেলৰ পৰা বন্দী মুক্তিৰ দৰে পদক্ষেপ কোনো নিৰ্মল প্ৰতিবাদৰ অংশ হ’ব নোৱাৰে। তেওঁ সতৰ্ক কৰি দিছে যে, সংগ্ৰাম আৰু ত্যাগৰ জৰিয়তে আৰ্জিত গণতান্ত্ৰিক ব্যৱস্থাক এতিয়া ধ্বংসৰ চেষ্টা চলিছে।

নিজৰ সিদ্ধান্তৰ কথা উল্লেখ

নিজৰ জেদী স্বভাৱৰ কথা উল্লেখ কৰি অলিয়ে লিখিছে যে, তেওঁ অটল নাথাকিলে হয়তো বহু আগতেই হাৰ মানি ল’লেহেঁতেন। তেওঁ সামাজিক মাধ্যমৰ কোম্পানীৰ ওপৰত নিয়ম জাৰিৰ পৰা আৰম্ভ কৰি লিপুলেক, কালাপানী আৰু লিম্পিয়াধুৰাক নেপালৰ অংশ বুলি ঘোষণা কৰাৰ দৰে কেইবাটাও সিদ্ধান্তক নিজৰ জেদৰ ফল বুলি উল্লেখ কৰিছে। আনকি, ভগৱান শ্ৰীৰামৰ জন্ম নেপালত হৈছিল বুলিও তেওঁ জেদ কৰি কৈছিল। চিঠিৰ শেষত অলিয়ে স্পষ্ট কৰিছে যে, তেওঁৰ বাবে পদ আৰু প্ৰতিষ্ঠাতকৈ দেশৰ ব্যৱস্থা অধিক গুৰুত্বপূৰ্ণ। এই ব্যৱস্থাই মানুহক কথা ক’বলৈ, চলাফুৰা কৰিবলৈ আৰু প্ৰশ্ন উত্থাপনৰ অধিকাৰ দিয়ে, আৰু এই ব্যৱস্থা ৰক্ষা কৰাই তেওঁৰ জীৱনৰ উদ্দেশ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...