জিমলৈ যোৱাৰ পৰিৱৰ্তে কেৱল খোজকাঢ়িছে নেকি? জানি লওক খোজকঢ়াৰ ৩টা কৌশল

ব্যস্ত জীৱনত প্ৰায়ে জিমলৈ যোৱাৰ সময় নাথাকে। তাৰ পৰিৱৰ্তে বহুতে খোজকঢ়াক ফিটনেছৰ মাধ্যম হিচাপে বাছি লয়। নিয়মীয়া খোজকাঢ়িলে শৰীৰৰ মেদ কমে। কিন্তু মেদ কিমান কমিব, সেয়া নিৰ্ভৰ কৰে খোজকঢ়াৰ ধৰণৰ ওপৰত।

কেনেকৈ খোজকাঢ়িলে উপকাৰ পোৱা যায়?

১) ধীৰ গতিত খোজকাঢ়িলে মেদ কম নহয়: ফিটনেছ প্ৰশিক্ষকৰ মতে, মেদ কমাবলৈ দ্ৰুত গতিত খোজকঢ়া উচিত। পেশীত চাপ পৰিলে আৰু হৃৎপিণ্ডৰ গতি বৃদ্ধি পালে মেদ সহজে কমে।

২) এঢলীয়া ঠাইত খোজকাঢ়িলে বেছি উপকাৰ: সমতলৰ তুলনাত এঢলীয়া ঠাইত খোজকাঢ়িলে বেছি পৰিশ্ৰম হয়। মধ্যাকৰ্ষণৰ বিপৰীতে খোজকাঢ়িলে শৰীৰত অধিক চাপ পৰে, যাৰ ফলত মেদ কমাত সহায় হয়। ট্ৰেডমিল ব্যৱহাৰকাৰীসকলে ইয়াক সামান্য এঢলীয়া কৰি খোজকাঢ়িব পাৰে।

৩) বিভিন্ন গতিৰ মিশ্ৰণ: গৱেষণাত দেখা গৈছে যে, খোজকঢ়াৰ সময়ত ধীৰ আৰু দ্ৰুত গতিৰ মিশ্ৰণে বেছি ফল দিয়ে। ইয়াৰ ফলত হৃৎস্পন্দনৰ তাৰতম্য ঘটে, যাৰ জৰিয়তে বিপাক হাৰ বাঢ়ি মেদ কমাত সহায় কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰত-জাপানৰ ১৬সংখ্যক বাৰ্ষিক সন্মিলনৰ সফল সামৰণি: অৰ্থনৈতিক নিৰাপত্তা, AI আৰু প্ৰতিৰক্ষাসহ ১৬টা গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ

জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ১৬...

অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা

গ্ৰন্থবৰ্ষ ২০২৫ উপলক্ষে অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’...