ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰাপত্তাবিধি উলংঘনৰ অভিযোগ CRPFৰ

বিগত ১১ বছৰত কংগ্ৰেছ নেতৃত্বই ৰাহুল গান্ধীৰ নিৰাপত্তাৰ ক্ষেত্ৰত গাফিলতিৰ অভিযোগ কেইবাবাৰো উত্থাপন কৰিছিল। কিন্তু এইবাৰ কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বাহিনীয়ে (চিআৰপিএফ) ৰাহুল গান্ধীৰ বিৰুদ্ধে বাৰম্বাৰ নিৰাপত্তাবিধি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছে। বিদেশ ভ্ৰমণৰ সময়ত নিৰাপত্তা প্ৰ’ট’কল উলংঘনৰ অভিযোগত লোকসভাৰ বিৰোধী দলৰ নেতাজনৰ বিৰুদ্ধে পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দপ্তৰৰ নিয়ন্ত্ৰণাধীন এই অৰ্ধসামৰিক বাহিনীয়ে। উল্লেখযোগ্য যে, এই বাহিনীৰ ওপৰতেই ৰাহুলৰ নিৰাপত্তাৰ দায়িত্ব ন্যস্ত হৈ আছে।

ৰাহুলৰ লগতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকো এই চিঠিৰ প্ৰতিলিপি পঠোৱা হৈছে। চিআৰপিএফৰ তথ্য-পৰিসংখ্যা উল্লেখ কৰি দাবী কৰা হৈছে যে, চলিত বছৰত ৰাহুলে ইটালী (৩০ ডিচেম্বৰ–৯ জানুৱাৰী), ভিয়েটনাম (১২–১৭ মাৰ্চ), ডুবাই (১৭–২৩ এপ্ৰিল), কাটাৰ (১১–১৮ জুন), লণ্ডন (২৫ জুন–৬ জুলাই) আৰু মালয়েছিয়া (৪–৮ ছেপ্টেম্বৰ) ভ্ৰমণ কৰিছিল। প্ৰতিটো ক্ষেত্ৰতে তেওঁ চিআৰপিএফৰ ‘ইয়েলো বুক’ত উল্লেখিত নিৰাপত্তা প্ৰ’ট’কল উলংঘন কৰিছে। ৰাহুলৰ দৰে ‘এডভান্সড চিকিউৰিটি লিয়াজোঁ’ (এএছএল)-সহ ‘জেড প্লাছ’ নিৰাপত্তা প্ৰাপ্ত নেতাৰ পৰা এনে আচৰণ কাম্য নহয় বুলি বুধবাৰে পঠোৱা চিঠিত জনোৱা হৈছে। লগতে ভৱিষ্যতে নিৰাপত্তাবিধি মানি চলিবলৈ ৰাহুলক সতৰ্ক কৰা হৈছে।

সূত্ৰৰ খবৰ অনুসৰি, বিদেশ ভ্ৰমণৰ বিষয়ে ‘বিস্তাৰিত তথ্য’ প্ৰদান নকৰা আৰু নিৰ্দিষ্ট নিৰাপত্তা ব্যৱস্থা গ্ৰহণ নকৰাকৈ বিদেশ ভ্ৰমণ কৰাৰ কাৰণে চিআৰপিএফে ৰাহুল আৰু খাৰ্গেৰ ওচৰত আপত্তি উত্থাপন কৰিছে। উল্লেখযোগ্য যে, ২০২২ চনত ৰাহুলৰ ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়তো নিৰাপত্তাবিধি উলংঘনৰ অভিযোগত চিআৰপিএফে তেওঁক চিঠি পঠিয়াইছিল। সেই সময়ত তেওঁ বাৰম্বাৰ নিৰাপত্তা বেষ্টনী ভাঙি জনসাধাৰণৰ মাজলৈ গৈছিল বুলি অভিযোগ উত্থাপিত হৈছিল। এইবাৰ আপত্তিৰ কাৰণ হৈছে বিদেশ ভ্ৰমণৰ বিস্তাৰিত তথ্য প্ৰদান নকৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...