বিৰোধীৰ প্ৰতিবাদত অচল উভয় সদন

তৃতীয়বাৰৰ বাবে শাসন ভাৰ লৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰ সন্মুখীন হৈছে প্ৰথমটো প্ৰত্যাহ্বানৰ। প্ৰধানমন্ত্ৰী মোদীৰ শপতগ্ৰহণৰ পিছমুহূৰ্ততে NEET-NET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলকলৈ দেশজুৰি সৃষ্টি হৈছে তুমুল প্ৰতিবাদৰ। ইয়াৰ মাজতেই বিষয়টোক লৈ সদনৰ মজিয়াতো বিৰোধী পক্ষৰ সন্মুখত জবাবদিহী হ’বলগীয়া হৈছে কেন্দ্ৰীয় চৰকাৰ। আনকি বিৰোধীৰ প্ৰতিবাদৰ বাবেই শুকুৰবাৰে অচল হৈ পৰে উভয় সদনৰ কাম-কাজ। সদনৰ সকলো কাম-কাজ স্থগিত কৰি শুকুৰবাৰে উভয় সদনত পৰীক্ষা বিতৰ্কক লৈ আলোচনা অনুষ্ঠিত কৰাৰ বাবে দাবী উত্থাপন কৰিছিল বিৰোধী মৰ্চা ইণ্ডিয়াই।

উভয় সদনত বিৰোধীয়ে উত্থাপন কৰিছিল সভাস্থগিত প্ৰস্তাৱৰ। কিন্তু লোকসভা আৰু ৰাজ্যসভাত বিৰোধীৰ এই প্ৰস্তাৱ অধ্যক্ষই নাকচ কৰাত সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে বিৰোধী মৰ্চাৰ সাংসদসকলে। বিৰোধীৰ হুলস্থুলৰ বাবে অচল হৈ পৰে সদনৰ কাম-কাজ। আনকি বিষয়টোৰ ওপৰত সদনত বক্তব্য ৰাখিবলৈ বিচৰাৰ সময়তে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ মাইকটো বন্ধ কৰি দিয়া হয়। এই সন্দৰ্ভত লগে লগে অধ্যক্ষৰ দৃষ্টিগোচৰ কৰে ৰাহুল গান্ধীয়ে। অৱশ্যে ৰাহুল গান্ধীৰ অভিযোগ খণ্ডন কৰে লোকসভা অধ্যক্ষ ওম বিৰলাই।

উভয় সদনতেই বিষয়টো ৰাষ্ট্ৰপতিৰ ভাষণ বিতৰ্কৰ সময়ত উত্থাপন কৰিবলৈ বিৰোধীৰ সাংসদসকলক আহ্বান জনাই অধ্যক্ষই। কিন্তু সভাস্থগিত প্ৰস্তাৱৰ দাবীতেই অটল হৈ থকা বিৰোধী সাংসদ সকলে অধ্যক্ষৰ এই আহ্বান মানি নোলোৱাত উভয় সদনতে সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ। ৰাজ্যসভাৰ অধ্যক্ষ তথা উপৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে বিৰোধীৰ আচৰণত প্ৰকাশ কৰে তীব্ৰ অসন্তুষ্টি।

ৰাজ্যসভাৰ মজিয়াত কেন্দ্ৰীয়মন্ত্ৰী জগৎ প্ৰসাদ নাড্ডায়ো উভতি ধৰে বিৰোধী পক্ষক। নাড্ডাৰ অভিযোগ সদনৰ কাম-কাজত বাধা দিয়াৰ বাবে বিৰোধীৰ এয়া পূৰ্বপৰিকল্পিত পৰিকল্পনা।

ইপিনে বিষয়টোক লৈ সদনৰ বাহিৰতো সৰৱ হৈ পৰে বিৰোধী মৰ্চাৰ নেতৃত্ব।

আনহাতে, সদনৰ মজিয়াত বিৰোধীৰ প্ৰতিবাদক লৈ সদনৰ বাহিৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুয়ে। লক্ষণীয়ভাৱে প্ৰথমবাৰলৈ সংসদত ভৰি দিয়েই সদনৰ মজিয়াত বিৰোধীৰ তীব্ৰ প্ৰতিবাদ দেখি আশ্বৰ্য প্ৰকাশ কৰিলে প্ৰথমবাৰৰ সাংসদ কংগনা ৰানাৱটে। বিৰোধীৰ প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে যুৱ মন্ত্ৰী ছিৰাগ পাছোৱানেও।

পৰীক্ষা বিতৰ্কক লৈ সমগ্ৰ দেশৰ লগতে সদনৰ মজিয়াতো প্ৰতিবাদ চলি থকাৰ মাজতে NTAৰ সংস্কাৰৰ বাবে ছাত্ৰ–অভিভাৱকৰ পৰা পৰামৰ্শ বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...