মুকলি আকাশৰ তললৈ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেন

মুকলি আকাশৰ তললৈ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেন। হেমন্ত চোৰেনৰ জামিন আবেদন মঞ্জুৰ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ। ভূমি কেলেংকাৰীৰ সৈতে জড়িতৰ অভিযোগত জে’ললৈ গৈছিল চোৰেন। ৩১ জানুৱাৰীত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনক। ৭ ঘণ্টা জোৰা জেৰাৰ অন্তত হেমন্ত চোৰেনক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। গ্ৰেপ্তাৰৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী পদৰ পৰা কৰিছিল পদত্যাগ। শুকুৰবাৰে বিয়লি বিৰছা মুণ্ডা কেন্দ্ৰীয় জে’লৰ পৰা মুকলি হয় চোৰেন। জে’লৰ বাহিৰত পত্নীসহ অসংখ্য সমৰ্থকে আদৰণি জনায় হেমন্ত চোৰেনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...