মঙল গ্ৰহত পোৱা গৈছে প্রথমটো শিলৰ টুকুৰা

নাছাৰ পার্ছেভাৰেঞ্চ ৰ’ভাৰে অৱশেষত দুটাকৈ শিলৰ নমুনা সংগ্রহ কৰিবলৈ সক্ষম হৈছে মঙল গ্ৰহত৷ বিগত কিছুদিন ধৰি শিলৰ নমুনা সংগ্রহত পার্ছেভাৰেঞ্চ ৰ’ভাৰ ব্যর্থ হ’লেও যোৱা ৬ ছেপ্তেম্বৰত প্রথমটো শিলৰ নমুনা সংগ্রহ কৰিবলৈ সক্ষম হোৱাৰ পিছত আঠ ছেপ্তেম্বৰতো আন এটা শিলৰ টুকুৰা সংগ্রহ কৰে। ৬ ছেপ্টেম্বৰত সংগ্রহ কৰা শিলৰ নমুনাটোৰ নাম ‘মণ্টডেনিয়াৰ’ আৰু ৮ ছেপ্টেম্বৰত সংগ্রহ কৰা দ্বিতীয়টো শিলৰ টুকুৰাৰ নাম ‘মণ্টাগনেক’৷

এই সংগৃহীত শিলৰ নমুনাৰ বিতং অধ্যয়নৰ জৰিয়তে মঙল গ্ৰহত জীৱৰ অস্বিত্বৰ সম্ভেদ লাভ কৰাৰ সম্ভাৱনা আছে। নাছাৰ মঙল অভিযানৰ প্রকল্প বিজ্ঞানী কেন ফার্লিয়ে প্রকাশ কৰা মতে, প্রথম শিলৰ নমুনাত জীৱৰ বসবাস কৰা পৰিৱেশৰ সম্ভাৱনা আছে। দক্ষিণ কেলিফ’র্নিয়াৰ নাছাৰ জেট প্রপালছন লেবৰেটৰীৰ বিজ্ঞানীজনে শিলৰ নমুনাত দীর্ঘদিন ধৰি বিজ্ঞানীসকলে ধাৰণা কৰি অহা পানীৰ সম্ভেদো লাভ কৰাৰ সম্ভাৱনা আছে বুলি কয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আজি অন্ত পৰিব প্ৰয়াগৰাজৰ মহাকুম্ভমেলাৰ

আজি অন্ত পৰিব প্ৰয়াগৰাজৰ মহাকুম্ভমেলাৰ। যোৱা ১৩ জানুৱাৰীৰ পৰা...

আজি মহাশিৱৰাত্ৰি, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ ৰুদ্ৰদেৱক পূজিছে ভক্তই

আজি মহাশিৱৰাত্ৰি। শিৰে অৰ্ধ চন্দ্ৰমা, কণ্ঠে হলাহল। ব্যাঘ্ৰচৰ্ম পৰিয়া,...

এডভান্টেজ আছাম ২.০ সম্মিলনে বিকাশ আৰু সুযোগৰ নতুন যুগৰ সূচনা কৰিবঃ মুখ্যমন্ত্রী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে এডভান্টেজ আছাম ২.০ সম্মিলন...

তেল-গেছৰ অন্বেষণ আৰু উৎপাদনত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বেদান্ত গ্ৰুপে

গ্ৰুপ কোম্পানী কেয়াৰ্ন অইল এণ্ড গেছে অসমত তেল আৰু...