আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) নতুন মহাকাশচাৰী নিযুক্তিৰ বাবে আবেদন গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সংস্থাটোৰ সম্প্ৰসাৰিত আৰ্টেমিছ (Artemis) অভিযানত অংশগ্ৰহণৰ লগতে ভৱিষ্যতে চন্দ্ৰত মানৱ বসতি স্থাপন আৰু মংগল গ্ৰহলৈ মানৱ অভিযানৰ পথ প্ৰশস্ত কৰাৰ লক্ষ্যৰে নতুন মহাকাশচাৰী নিৰ্বাচনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
বৰ্তমান নাছাৰ সক্ৰিয় মহাকাশচাৰীৰ সংখ্যা সীমিত হোৱাৰ বিপৰীতে আগন্তুক অভিযানসমূহৰ বাবে কামৰ পৰিসৰ যথেষ্ট বৃদ্ধি পাইছে। এই সন্দৰ্ভত আৰ্টেমিছ-৩ অভিযানৰ কমাণ্ডাৰ ৰেণ্ডি ব্ৰেছনিকে শনিবাৰে সংবাদ মাধ্যমক কয়, “আমাৰ হাতত থকা মহাকাশচাৰীৰ সংখ্যাতকৈ কামৰ পৰিমাণ বহু বেছি।”
নাছাৰ আনুষ্ঠানিক ৱেবছাইট অনুসৰি, নতুন মহাকাশচাৰী পদৰ বাবে আবেদন গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলে ২০২৬ চনৰ ৩ ডিচেম্বৰলৈকে আবেদন কৰিব পাৰিব।
নাছাৰ সময়সূচী অনুসৰি, ২০২৭ চনৰ শেষৰ ফালে মহাকাশচাৰী নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। নিৰ্বাচিত প্ৰাৰ্থীসকলৰ কঠোৰ প্ৰশিক্ষণ ২০২৮ চনৰ আৰম্ভণিৰ পৰা আৰম্ভ হোৱাৰ কথা।
নিৰ্বাচিত মহাকাশচাৰীসকলক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)-ত কাম কৰাৰ পৰা আৰম্ভ কৰি চন্দ্ৰপৃষ্ঠত অভিযান চলোৱালৈকে বিভিন্ন দায়িত্বৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব।
নাছাৰ মহাকাশচাৰী পদৰ বাবে আবেদন কৰিবলৈ সাধাৰণতে প্ৰাৰ্থীসকল আমেৰিকাৰ নাগৰিক হোৱাৰ লগতে বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত (STEM)ৰ কোনো এটা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগিব।
ইয়াৰ ভিতৰত অভিযান্ত্ৰিক, জীৱবিজ্ঞান, ভৌতিক বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞান আদি বিষয় অন্তৰ্ভুক্ত। লগতে সংশ্লিষ্ট ক্ষেত্ৰত কেইবাবছৰীয়া কৰ্ম অভিজ্ঞতাও থাকিব লাগিব। আনহাতে, হাজাৰ হাজাৰ ঘণ্টা বিমান উৰণৰ অভিজ্ঞতা থকা দক্ষ পাইলটসকলেও এই পদৰ বাবে আবেদন কৰিব পাৰিব।
নাছাৰ প্ৰশাসক জেৰেড আইজাকমেনে কয়, “আমি নিৰ্বাচন কৰিবলগীয়া প্ৰাৰ্থীসকলে হয়তো এদিন চন্দ্ৰত খোজ কাঢ়িব, চন্দ্ৰত নিৰ্মাণ হ’বলগীয়া ঘাটিত থাকি কাম কৰিব আৰু অৱশেষত মহাকাশচাৰীৰ দলক মংগল গ্ৰহলৈ লৈ যোৱাৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তি আৰু ব্যৱস্থাসমূহ বিকাশত সহায় কৰিব। এই অভিযানসমূহৰ বাবে কাৰিকৰী দক্ষতা, সঠিক সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা, দলীয় সহযোগিতা আৰু সাহসৰ প্ৰয়োজন হ’ব।”
তেওঁ কয় যে দেশৰ সেৱাৰ স্বাৰ্থত অসাধাৰণ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সদায়ে আগ্ৰহী আৰু প্ৰতিভাৱান আমেৰিকানসকলক নাছাৰ মহাকাশচাৰী দলে আদৰণি জনাই আহিছে। এই পৰম্পৰাৰ অংশ হ’বলৈ আগ্ৰহীসকলক মানৱ জাতিৰ এই ঐতিহাসিক মহাকাশ অভিযানৰ পৰৱৰ্তী অধ্যায় ৰচনা কৰাত সহযোগিতা কৰিবলৈ আহ্বান জনায়।
নাছাৰ উপ-প্ৰশাসক মেট এণ্ডাৰছনে কয়, “আবেদনৰ দুৱাৰ মুকলি হৈছে। মিছনে আপোনাৰ বাবে বাট চাই আছে। মানৱ জাতিয়ে আৰম্ভ কৰা সৰ্ববৃহৎ আৰু ৰোমাঞ্চকৰ অভিযানত এতিয়া কেৱল আপোনাৰ অংশগ্ৰহণৰহে অপেক্ষা।”
