বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেটত ‘N’ ফেক্টৰ!

বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ দুই সহযোগী এন চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ হেঁচাত সেও মানিবলৈ বাধ্য হ’ল নৰেন্দ্ৰ মোদী চৰকাৰ। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে দাখিল কৰা সাধাৰণ বাজেটত প্ৰতিফলিত হ’ল এই কথা। বাজেটৰ জৰিয়তে অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰৰ বাবে বৃহৎ অনুদান ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে। ইয়াক লৈ ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সীতাৰমণৰ সাধাৰণ বাজেটত প্ৰতিফলিত হ’ল এই কথা। অন্ধ্ৰপ্ৰদেশ, বিহাৰৰ বাবে আগবঢ়োৱা হ’ল বিশেষ অনুদান। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত নতুন চৰকাৰ গঠৰ সময়ৰে পৰা চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছিল অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। অৱশেষত চন্দ্ৰবাবু–নীতিশৰ হেঁচাত সেওঁ মানিবলৈ বাধ্য হ’ল কেন্দ্ৰীয় চৰকাৰ। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে সংসদত দাখিল কৰা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটত প্ৰতিফলিত হ’ল এই এন ফেক্টৰ। বাজেটৰ জৰিয়তে অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰলৈ আবণ্টন দিয়া হ’ল বৰ্ধিত অনুদান। বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে উল্লেখ কৰা মতে– অন্ধ্ৰৰ ৰাজধানী অমৰাৱতীৰ উন্নয়নৰ বাবে আবণ্টন ১৫ হাজাৰ কোটি টকা। অন্ধ্ৰপ্ৰদেশ পুনঃগঠন আইনৰ অধীনত এই বৰ্ধিত পেকেজ। আগন্তুক সময়ত অন্ধ্ৰক দিয়া হ’ব এনে একাধিক আৰ্থিক পেকেজ। সুকীয়া পুঁজি দিয়া হ’ব ৰয়েলসীমা, কাৰ্ণল, অনন্তপুৰ, চিটোৰৰ উন্নয়নৰ বাবে। চৰকাৰৰ সহযোগী চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ সন্তুষ্টিৰ বাবে বাজেটৰ জৰিয়তে এই বৰ্ধিত পুঁজি আবণ্টন দিছে কেন্দ্ৰই। অন্ধ্ৰৰ লগতে বিহাৰৰ বাবেও বিশেষ প্ৰকল্প ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰত্যক্ষ পেকেজৰ পৰিৱৰ্তে বিহাৰলৈ আন্তঃগাঁথনিৰ নামত পুঁজি আবণ্টন। পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে আবণ্টন ২৬ হাজাৰ কোটি টকা। নিৰ্মাণ কৰা হ’ব তিনিটা ঘাইপথসহ একাধিক পথ প্ৰকল্প। বিহাৰত স্থাপন কৰা হ’ব ২৪০০ মেগাৱাট ক্ষমতাৰ শক্তি প্ৰকল্প। আনহাতে, কেৱল বান নিয়ন্ত্ৰণৰ বাবে আবণ্টন ১২৫০০ কোটি টকা। সাধাৰণ বাজেটত কেৱল দুখন ৰাজ্যক এনে বৃহৎ আৰ্থিক অনুদান আগবঢ়োৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলত। এই ঘোষণাক আদৰণি জনাইছে LJP আৰু TDPৰ একাংশ নেতাই।

আনহাতে, নিৰ্মলা সীতাৰমণৰ এইবাৰৰ বাজেটক সমালোচনা কৰে বিৰোধী নেতাসকলে। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ মতে– চৰকাৰ সুৰক্ষিত ৰখাৰ স্বাৰ্থত বাজেটত গুৰুত্ব কৰা হৈছে কেৱল দুখন ৰাজ্যক। বাজেটক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱেও। উল্লেখ্য যে, চৰকাৰ গঠত বিজেপিক সহায় কৰাৰ বিনিময়ত চন্দ্ৰবাবু নাইডু আৰু নীতিশৰ মূল দাবী আছিল দুই ৰাজ্যৰ বাবে বিশেষ পেকেজ। সেই দাবী মানিয়ে কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰ, বিহাৰলৈ বাজেটৰ জৰিয়তে এই সুকীয়া পেকেজ আগবঢ়োৱা বুলি চৰ্চিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ সৌভাগ্যশালী যাত্ৰী ৰমেশ বিশ্বাস কুমাৰ

বৃহস্পতিবাৰে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত...

১০ মিনিট দেৰি কৰাৰ বাবে ফ্লাইটখন মিছ কৰিছিল এইগৰাকী সৌভাগ্যশালী মহিলাই

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এয়াৰ...

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা : ৮,২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল কেপ্তেইন সুমিত ছভাৰৱালৰ

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এটা...

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰৰ কাৰিকৰী সমস্যাৰ ইতিহাস

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰ, যি এখন অত্যাধুনিক বাণিজ্যিক বিমান হিচাপে...