২০ বছৰীয়া খাদিজাক কোনে ক’লৈ লৈ গ’ল?

২০ বছৰীয়া খাদিজাক কোনে ক’লৈ লৈ গ’ল?
বজাৰলৈ যাওঁ বুলি গৈ নিৰুদ্দেশ খাদিজা বেগম
অপহৰণৰ সন্দেহ পৰিয়ালৰ

এইগৰাকী ২০ বছৰীয়া খাদিজা বেগম। কামৰূপৰ গৰৈমাৰীৰ খাদিজা কিছুদিন পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল। যোৱা ১২ তাৰিখে বৰাখাটৰ পিতৃগৃহলৈ আহিছিল খাদিজা। তেতিয়াৰ পৰা পিতৃগৃহতে আছিল ২২ জুলাইত ওলাই গৈছিল বজাৰলৈ।

আচলপাৰা বজাৰলৈ যোৱাৰ পৰাই খাদিজাৰ কোনো সন্ধান নাই। ঘৰলৈ ঘূৰি নহা কন্যাৰ এতিয়ালৈ সন্ধান পোৱা নাই। বিচাৰ-খোচাৰ কৰি কোনো সূংশুত্ৰ নাপাই অৱশেষত পৰিয়াল কাষ চাপিল আৰক্ষীৰ দাখিল কৰিলে এজাহাৰ। অপহৰণ কৰাৰ সন্দেহ।

বিগত সময়ছোৱাত দৰিদ্ৰ পৰিয়ালৰ যুৱতী-মহিলা টাৰ্গেট হৈছে নাৰী সৰবৰাহকাৰী চক্ৰৰ। কোনো ব্যৱসায়ীয়ে প্ৰেমৰ চলনাৰে অপহৰণ কৰি বহিঃৰাজ্যত বিক্ৰী কৰিবলৈ খাদিজাক লৈ যোৱাৰ সন্দেহ পৰিয়ালৰ।

আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। এই পৰ্যন্ত কিন্তু কোনো তথ্য উদঘাতন কৰিব পৰা নাই খাটিজা সন্দৰ্ভত। কন্যাক বিচাৰি চলাথ কৰিছে পৰিয়ালে। চকুত টোপনি নাই। 7086441095 নম্বৰৰ পৰা ছোৱালীজনীৰ পৰিয়াললৈ আহিছিল ফোন। সেই ফোনৰ পৰাই কথা পাতিছিল খাদিজায়ো। তাৰ পাছৰ পৰা আৰু খবৰ নাই। এতিয়া অপেক্ষা আৰক্ষীৰ অভিযানলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ACS বিষয়া দেৱেশ্বৰ বৰা অনিয়মৰ কাহিনী শুনিলে আপোনাৰে চকু কপালত উঠিব

প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ৰ এগৰাকী বিষয়াৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতি আৰু...

বিধানসভালৈ পুনৰ আহি আছে অগ্নিকন্যা; নন্দীগ্ৰামত চলিবনে মমতা বেনাৰ্জীৰ যাদু?

পুনৰ চৰ্চাত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী। ২০২৬...

স্মৃতিৰ এবছৰ, ন্যায়ৰ অপেক্ষাঃ প্ৰবাসী অসমীয়াৰ ভাষ্যই ন্যায় প্ৰাপ্তিত সহায় কৰিবনে ঈশ্বৰ পুত্ৰৰ!

হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো...

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ! আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ৰামানুজৰ

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ? কাৰাগাৰৰ পৰা ওলাই...