পুনৰ অগ্নিগৰ্ভা ম্যানমাৰ

পুনৰ অগ্নিগৰ্ভা ম্যানমাৰ
জুণ্টা সামৰিক চৰকাৰৰ বাবে ভয়ংকৰ বিপদৰ আগজাননী!
বিদ্ৰোহীৰ আগ্ৰাসনত কঁপিছে ম্যানমাৰৰ সামৰিক চৰকাৰ
দলে দলে জুণ্টা সেনা প্ৰবেশ কৰিছে মিজোৰামত

বিদ্ৰোহীৰ আগ্ৰাসনত কঁপিছে ম্যানমাৰৰ সামৰিক চৰকাৰ। এখন পিছত এখন চহৰ দখল কৰিছে সশস্ত্ৰ বিদ্ৰোহীয়ে। বিদ্ৰোহী আৰাকান আৰ্মীয়ে চীন সীমান্তৰ পালেটৱা চহৰৰ পৰা উত্খাত কৰিছে জুণ্টাৰ শাসন।
ম্যানমাৰ সেনাৰ বহু শিবিৰ, বাংকাৰ দখল
সেনাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ–শস্ত্ৰও জব্দ কৰিছে বিদ্ৰোহীয়ে
পালেটৱা চহৰ দখল বিদ্ৰোহী আৰাকান আৰ্মীৰ বৃহৎ জয় হিচাপে বিবেচিত হৈছে
পালেটৱা চহৰখন জুণ্টা সেনাৰ অন্যতম ঘাটি হিচাপে পৰিচিত
এই ঘটনাৰ পিছতে জুণ্টা সেনাই ছত্ৰভংগ দিছে। বিদ্ৰোহীক প্ৰতিৰোধ কৰাৰ শক্তি ক্ৰমাৎ হেৰুৱাই ভাৰতত প্ৰৱেশ কৰিছে জুণ্টা সেনা।
প্ৰায় ৬০০ ম্যানমাৰৰ সেনা ভাৰতত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰিছে মিজোৰাম চৰকাৰে। মিজোৰামৰ লংটলাই জিলাৰ বুন্দুবাংগা গাঁৱত। কিছু ম্যানমাৰৰ সেনাই আছাম ৰাইফলছৰ শিবিৰত আশ্ৰয় হৈছে। অৱশ্যে মিজোৰামত প্ৰৱেশ কৰা এনে প্ৰায় ৪৫০ জন ম্যানমাৰৰ সেনাক ঘূৰাই পঠাইইছে মিজোৰাম আৰক্ষীয়ে। বিষয়টো অতি স্পৰ্শকাতৰ হৈ পৰিছে মিজোৰামৰ বাবে। শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰক আহ্বান মিজোৰাম চৰকাৰৰ। ছিলঙত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই আলোচনা কৰিছে। মিজোৰামৰ পৰা প্ৰাণৰ শংকাত ভাৰতত প্ৰৱেশ কৰা সেনা আৰু সংখ্যক অসামৰিক লোকক মানবীয়তাৰ খাতিৰত মিজোৰামত আশ্ৰয় দিয়া বুলিও মুখ্যমন্ত্ৰীজনে প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বেই অৱশ্যে ভাৰত–ম্যানমাৰ সীমান্তত সৃষ্ট পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ সেনাপ্ৰধানে।
এনে পৰিস্থিতিত যোৱা কিছুদিন ধৰি ম্যানমাৰ সীমান্তৰ পৰিস্থিতি হেলিকপ্তাৰেৰে পৰ্যবেক্ষণ কৰি থকা হৈছে। এক আশংকা কৰা হৈছে ম্যানমাৰৰ শেহতীয়া পৰিস্থিতিত কোনো ম্যানমাৰৰ লোক অসমতো প্ৰৱেশ কৰিব পাৰে। বিদ্ৰোহী আৰাকান আৰ্মীৰ শেহতীয়া আগ্ৰাসী ৰূপে স্পষ্ট কৰিছে এখন যুদ্ধ কৰিব পৰা কৈ শক্তি গোটাইছে সংগঠনটোৱে। অতি শীঘ্ৰে জুণ্টা চৰকাৰৰ পতন হোৱাৰ সম্ভাৱনাও প্ৰকট হৈছে। পালেটৱা চহৰ দখলৰ পিছত বিদ্ৰোহী আৰাকান আৰ্মীয়ে জুণ্টা সেনাৰ পৰা জব্দ কৰা অস্ত্ৰ–শস্ত্ৰৰ ফটো প্ৰকাশ কৰিছে। ইয়ে প্ৰমাণ কৰিছে এক বিপযৰ্য়ৰ গ্ৰাসত পৰিছে জুণ্টা চৰকাৰ। মন কৰিব লগীয়া কথাটো হ’ল ২০২১চনৰ ১ ফেব্ৰুৱাৰীত গণতান্ত্ৰিক চৰকাৰক ক্ষমতাচ্যুৎ কৰি সামৰিক বাহিনীয়ে গঠন কৰিছিল চৰকাৰ। ইয়াৰ পিছৰে পৰা চলি আছে গণতন্ত্ৰ সমৰ্থিত বিদ্ৰোহী আৰু জুণ্টা বাহিনীৰ সংঘৰ্ষ। আৰু বৰ্তমান পৰিস্থিতিত বিপদত জুণ্টা বাহিনী

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...