হিন্দু মহিলাৰে মুছলমানৰ দ্বিতীয় বিবাহ অবৈধ

0 12

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূর্ণ ৰায়। এগৰাকী মহিলাই দাখিল কৰা এখন লেখ আবেদনৰ শুনানিৰ ক্ষেত্রত বিশেষ বিবাহ আইনৰ ধাৰাৰ পর্যালোচনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে কোনো ইছলামধর্মী লোকে যদি এগৰাকী হিন্দু মহিলাক দ্বিতীয় বিবাহ কৰায়, তেন্তে সেই বিবাহ অবৈধ হ’ব। আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে বিশেষ বিবাহ আইন–১৯৫৪ অনুসৰি কোনো ইছলামধর্মী লোকে যদি হিন্দু মহিলাক দ্বিতীয় বিয়া কৰায়, তেন্তে সেই বিবাহ অবৈধ হ’ব আৰু স্বামীৰ মৃত্যুৰ পাছত পাবলগীয়া পেন্সনকে ধৰি আন সা–সুবিধাৰ পৰাও দ্বিতীয় পত্নী বঞ্চিত হ’ব।

Leave A Reply

Your email address will not be published.