ঈদৰ পূৰ্বে দৈনিক বজাৰত ৰক্তাক্ত পৰিৱেশ, চোকা দাৰে ঘপিয়াই হত্যা কৰিলে ছাকি আহমেদক

বজাৰত ব্যৱসায়ীৰ মাজত হোৱা ভয়ংকৰ কাজিয়াৰ পৰিণতিত প্ৰাণ গ’ল এজনৰ! উপৰ্যুপৰি চোকা দাৰে ইজনে সিজনক ঘপিওৱাৰ ফলতে মৃত্যু। শনিবাৰে পুৱা মেৰাপানী বজাৰত দুজন ব্যৱসায়ীৰ মাজত সংঘটিত হোৱা কাজিয়াৰ পৰিণতিত মাহমদুল হুছেইনৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হোৱা ছাকি আহমেদৰ অৱশেষত চিকিৎসালয়ত মৃত্যু ঘটে। যুৱকজনৰ মৃত্যু হোৱাৰ পাছতেই হত্যাকাৰী মাহমদুল হুছেইনসহ আন সতীৰ্থকেইজনে ৰে’লযোগে পলায়নৰ চেষ্টা কৰোঁতেই ৰাইজে কৰায়ত্ত কৰি মেৰাপানী আৰক্ষীক গতাই দিয়ে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...