শিহৰণকাৰী! পুত্ৰই দাৰে ঘপিয়াই দুচেও কৰিলে দেউতাকক

দাৰে ঘপিয়াই নিজ পিতৃক হত্যা কৰিলে এক পাষাণ পুত্ৰই৷ হত্যাকাৰী পুত্ৰক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে ৷ কাছাৰ জিলাৰ বাশকান্দি মদ্ৰীপাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড। দাৰে ঘপিয়াই ৭০ বছৰীয়া বৃদ্ধ পিতৃক হত্যা কৰিলে প্ৰীতম শুক্লবৈদ্য নামৰ পুত্ৰই৷ প্ৰতীম শুক্লবৈদ্য নামৰ যুৱকজনে সন্ধিয়া বাসগৃহৰ চৌহদত পিতৃক দাৰে উপৰ্যুপৰি আক্ৰমণ চলায়। দেউতাকক কাটি চিৰাচিৰ কৰি সেইস্থানৰ পৰা পলায়ন কৰে ৷ পিছত স্থানীয় লোকে ৰক্তাক্ত অৱস্থাত বৃদ্ধগৰাকীক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজত লৈ যায় যদিও আদবাটতে মৃত্যু হয় বৃদ্ধ পিতৃগৰাকীৰ৷ এই ঘটনাৰ লগে লগে বাশকান্দি আৰক্ষীয়ে অভিযান চলাই নিশাই অভিযুক্ত হত্যাকাৰী পুত্ৰ প্ৰীতম শুক্লবৈদ্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ইপিনে হত্যাকাৰী পাষাণ পুত্ৰই কেমেৰাৰ সম্মুখত হত্যাৰ কথা স্বীকাৰ কৰি কয় যে, নিজে দাৰে ঘপিয়াই পিতৃক হত্যা কৰিছে ৷ বৃদ্ধি পিতৃজনে বহুদিনৰ পৰা মানসিকভাবে অত্যাচাৰ চলাই আহাৰ বাবেই এনে কাণ্ড সংঘটিত কৰা বুলি মন্তব্য কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ একমাত্ৰ দ্বীপ; য’ত ৬ মাহ ফ্ৰান্স আৰু ৬ মাহ স্পেইনৰ শাসন চলে

ইউৰোপত এনে এক অদ্ভূত নদী দ্বীপ আছে, য’ত শতিকা...

কেতিয়াবা বন্ধুত্ব, কেতিয়াবা সংঘাত: কিয় ইমান জটিল পাকিস্তান আৰু ইৰানৰ সম্পৰ্ক?

পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনীৰে ইৰান আৰু...