স্বামীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে পত্নীক

ফাকুৱাৰ আনন্দ উল্লাহৰ মাজতেই সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। স্বামীয়ে দাৰে ঘপিয়াই অতি নৃশংস ভাবে হত্যা কৰে নিজ পত্নীক। নাহৰকটীয়াৰ জয়পুৰত সংঘটিত হৈছে এই ঘটনা। জয়পুৰ থানাৰ অধীনৰ দিহিংকিনাৰ বাঙালী ব্লক গাঁৱত নিশা লোমহৰ্ষক ঘটনা। পাৰিবাৰিক অশান্তিৰ বাবে অৰুণ দাস আৰু পত্নী নমিতা দাসৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। স্বামী-পত্নীৰ দ্বন্দই চূড়ান্ত ৰূপ লোৱাত স্বামী অৰুণ দাসে এখন দাৰে পত্নী নমিতা দাসৰ মূৰত ঘপিয়াই হত্যা কৰে। পিছত জয়পুৰ আৰক্ষীয়ে হত্যাকাৰী স্বামীক আটক কৰাৰ লগতেই মৃত মহিলাগৰাকীক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কাজিৰঙাত ধনেশ পক্ষীৰ নান্দনিক পৰিৱেশে দৃষ্টি কাঢ়িছে সকলোৰে

কাজিৰঙাত ধনেশ পক্ষীৰ নান্দনিক পৰিৱেশে দৃষ্টি কাঢ়িছে সকলোৰে। কোৱা...

দিলৱাৰ হুছেইন মজুমদাৰৰ জামিন লাভ

দিলৱাৰ হুছেইন মজুমদাৰৰ জামিন লাভ। দ্বিতীয়টো গোচৰতো জামিন পালে...

তাচপাতৰ দৰে খহি পৰিল অট্টালিকা, ভয়াৱহ ভূমিকম্পত মুহূৰ্ততে শেষ সকলো

মুহূৰ্ততে শেষ সকলো। খহি পৰিল ইটোৰ পিছত সিটোকৈ সুবিশাল...

অসম ক্ৰিকেটৰ উত্তৰণ দেখি মই অভিভুত: ছৈৰাজ বহুতুলে

‘অসম ক্ৰিকেটৰ উত্তৰণ দেখি মই অভিভুত৷ মই অসমৰ হৈ...