স্বামীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে পত্নীক

ফাকুৱাৰ আনন্দ উল্লাহৰ মাজতেই সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। স্বামীয়ে দাৰে ঘপিয়াই অতি নৃশংস ভাবে হত্যা কৰে নিজ পত্নীক। নাহৰকটীয়াৰ জয়পুৰত সংঘটিত হৈছে এই ঘটনা। জয়পুৰ থানাৰ অধীনৰ দিহিংকিনাৰ বাঙালী ব্লক গাঁৱত নিশা লোমহৰ্ষক ঘটনা। পাৰিবাৰিক অশান্তিৰ বাবে অৰুণ দাস আৰু পত্নী নমিতা দাসৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। স্বামী-পত্নীৰ দ্বন্দই চূড়ান্ত ৰূপ লোৱাত স্বামী অৰুণ দাসে এখন দাৰে পত্নী নমিতা দাসৰ মূৰত ঘপিয়াই হত্যা কৰে। পিছত জয়পুৰ আৰক্ষীয়ে হত্যাকাৰী স্বামীক আটক কৰাৰ লগতেই মৃত মহিলাগৰাকীক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...