১৪৪ৰ মাজতো গেংষ্টাৰৰ জানাজাত জনসমুদ্ৰ

১৪৪ৰ মাজতো গেংষ্টাৰৰ জানাজাত জনসমুদ্ৰ
মুখতাৰ আনছাৰীক শেষ শ্ৰদ্ধা জনাবলৈ আহিল ৩০ সহস্ৰাধিক লোক
আনছাৰীৰ ‘ৰহস্যজনক’ মৃত্যুক লৈ উত্তাল উত্তৰ প্ৰদেশৰ ৰাজনীতি

উত্তৰ প্ৰদেশৰ মৌ সমষ্টিৰ ৫ বাৰৰ বিধায়ক, ১৫টা হত্যাসহ ৬১টা গোচৰ থকা মুখতাৰ আনছাৰীৰ শ যাত্ৰাৰ দৃশ্য এয়া। প্ৰাক্তন বিজেপি বিধায়ক কৃষ্ণানন্দ ৰায়ৰ হত্যাত দোষী সাব্যস্ত হৈ কাৰাবন্দী হৈ থকা অৱস্থাতে হৃদৰোগত আক্ৰান্ত হৈ বৃহস্পতিবাৰে মৃত্যু হয় আনছাৰীৰ। মৰণোত্তৰ পৰীক্ষাৰ পিছত শুকুৰবাৰে ব্যাপক নিৰাপত্তাৰ মাজত গাজীপুৰলৈ অনা হয় মৃতদেহ। শনিবাৰে গাজীপুৰত বিশাল সমদলৰ মাজেৰে কবৰস্থানলৈ নিয়া হয় আনছাৰীৰ মৃতদেহ। এই শ যাত্ৰাত ৩০ সহস্ৰাধিক লোকৰ সমাৱেশ ঘটে। হত্যা, ধৰ্ষণ, ধন দাবী আদি ৬১টা গোচৰত অভিযুক্ত আনছাৰীৰ অনুগামী আছিল লাখ লাখ লোক। সেয়া প্ৰমাণ হ’ল জানাজাত। গেংষ্টাৰৰ মৃত্যুৱে কিন্তু সৃষ্টি কৰিলে নতুন বিতৰ্কৰ।

গেংষ্টাৰ আনছাৰীক বিহ দি হত্যা কৰাৰ অভিযোগ উঠিল
আনছাৰীয়ে পুত্ৰলৈ ফোন কৰি ‘ষড়যন্ত্ৰ’ৰ কথা কৈছিল!
আদালততো আনছাৰীৰ অভিযোগ উত্থাপন হৈছিল

এনে অভিযোগত প্ৰাক্তন বিধায়ক গেংষ্টাৰ মুখতাৰ আনছাৰীৰ মৃত্যুক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। ইতিমধ্যে এখন ৩ জনীয়া কমিটী গঠন কৰা হৈছে। বান্দাৰ মুখ্য ন্যায়িক দণ্ডাধীশে গঠন কৰা এই কমিটীয়ে আনছাৰীৰ মৃত্যুৰ তদন্ত কৰিব। গেংষ্টাৰ মুখতাৰ আনছাৰীৰ পুত্ৰ ওমৰ আনছাৰীয়ে কাৰাগাৰত দেউতাকক বিহ দি হত্যা কৰা অভিযোগ অনাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আনছাৰীৰ মৃত্যুক লৈ উত্তৰপ্ৰদেশৰ ৰাজনীতি গৰম হৈ উঠিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদবে দাবী তুলিছে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত তদন্ত কৰা হওক আনছাৰীৰ মৃত্যুৰ। অখিলেশ যাদৱৰ মন্তব্যক বিজেপিয়ে এয়া মেৰু বিভাজনৰ ৰাজনীতি আখ্যা দিছে। ইফালে জে’ল কৰ্তৃপক্ষই মন্তব্য কৰিছে বুধবাৰে সন্ধিয়া ইফতাৰ কৰাৰ পিছতে আনছাৰীৰ স্বাস্থ্যৰ অৱনতি ঘটে। চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু ঘটে। পিতৃৰ মৃত্যু ৰহস্যজনক বুলি আনছাৰীৰ পুত্ৰই আদালতলৈ যাব বুলি হুংকাৰ দিছে।

NKTV Digital
Author: NKTV Digital

11 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...