‘ৰদ-বৰষুণ সকলো বতৰতে পঢ়াব পৰাকৈ এটা শ্ৰেণীকোঠা দিয়ক’

প্ৰশাসন, চৰকাৰৰ বাবে সঁচা কথাবোৰ অসহ্যকৰ!
শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া–কথাটো মন কৰিব
মন্ত্ৰী পীযূষ হাজৰিকা ডাঙৰীয়া–নিজৰ সমষ্টিৰ খবৰ ৰাখিছেনে?

এজন শিক্ষকৰ এটা ফেচবুক পোষ্টে উদঙাই দিছে শিক্ষা বিভাগৰ দুৰৱস্থা তথা ফোপোলা অৱস্থাৰ কথা। শিক্ষকসকলক চৰকাৰে হিতাধিকাৰী সজাই স্কুটী প্ৰদান কৰিব বিচৰা কাৰ্যক লৈ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া। খোদ শিক্ষক সমাজে বিৰোধিতা কৰিছে এনে কাৰ্যৰ। বহুতে সামাজিত মাধ্যমযোগে বিৰোধ কৰিছে এই কাৰ্যৰ। তাৰ মাজতেই মৰিগাঁৱৰ ভোৰবন্ধ শিক্ষা খণ্ডৰ অন্তৰ্গত কটহজাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হেমন্ত কুমাৰ শইকীয়াই ফেচবুকত বিদ্যালয়ৰ দুৰৱস্থাৰ ভিডিঅ’ আপলোড কৰি লিখিছিল– ‘মোক স্কুটী, বাইক নালাগে। ৰদ, বৰষুণ সকলো বতৰতে পঢ়াব পৰাকৈ এটা শ্ৰেণীকোঠা দিয়ক পাৰে যদি। এইবছৰ বহুত অসুবিধা পাইছো। ভাইৰেল হৈ পৰিল সেই পোষ্ট, ভিডিঅ’। এতিয়া খবৰ ওলাইছে প্ৰশাসন, চৰকাৰ তথা শিক্ষা বিভাগৰ বৰমূৰীয়া অসন্তুষ্ট শিক্ষক হেমন্ত কুমাৰ শৰ্মাৰ ওপৰত। ল’ব পাৰে শাস্তিমূলক ব্যৱস্থা। শিক্ষকজনেতো কাকো সমালোচনা কৰা নাছিল, কেৱল বিদ্যালয়ৰ দুৰৱস্থা দাঙি ধৰিছিল। তাতেই খৰ্গহস্ত নে চৰকাৰ বাহাদুৰ! ইমান অসহ্যকৰ নে সঁচা কথাবোৰ! বুধবাৰে আমাৰ সাংবাদিক উপস্থিত হ’ল বিদ্যালয়খনত। ৩৭ বছৰ পুৰণি বিদ্যালয়খন সঁচাকৈয়ে জৰাজীৰ্ণ। প্ৰধান শিক্ষকে ক’লে হেমন্তই সঁচা কথাবোৰ লিখিছে। আমি তাৰ পক্ষত। ৰদ–বৰষুণ দিলে উপায় নোহাৱা হয়।

উৱলি যোৱা চালি। নাই পৰ্যাপ্ত বেঞ্চ, ডেস্ক। আন্তঃগাঁঠনি উন্নয়নৰ নামত বছৰি ২৫ হাজাৰ টকা পায় যদিও সেয়া যথেষ্ট নহয়।

৭৫ গৰাকী ছাত্ৰ–ছাত্ৰী আছে বিদ্যালয়খনত। গুণোৎসৱত A গ্ৰেড পাইছে। দুৰৱস্থাৰ কথা গুণোৎসৱৰ পৰ্যবেক্ষকেও লিখে ৰিপ’ৰ্টত। কিন্তু ফল নাপায়।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া, মন্ত্ৰী তথা স্থানীয় বিধায়ক পীযূষ হাজৰিকা ডাঙৰীয়া– আপোনালোকে এবাৰ ভাবক, কিমান খং, ক্ষোভ, অসন্তুষ্টি থাকিলে প্ৰধান শিক্ষকজনে ক’ব পাৰে যে গুণোৎসৱত ধুমুহা, বৰষুণ অহা হ’লে ভাল পালোহেঁতেন। যাতে দুৰ্দশাবোৰ সকলোৱে দেখে। তেনেদৰে নকবই বা কিয়? কাৰণ তেওঁলোকে দুৰৱস্থাৰ কথা জনাইছে শিক্ষা বিভাগক, তিৱা স্বায়ত্ব পৰিষদক। পঞ্চায়তৰ যোগেদি জনাইছে মন্ত্ৰী পীযূষ হাজৰিকাক। নাই, লাভ হোৱা নাই। একো ফল ধৰা নাই।

এনে অৱস্থাত শিক্ষকে ক’বলগীয়া হৈছে স্কুটী নিজে কিনিম। পাৰিলে বিদ্যালয়ৰ ঘৰটো ঠিক কৰি দিয়ক।

মন্ত্ৰী পীযূষ হাজৰিকা ডাঙৰীয়া– আপোনাৰ চৰকাৰৰ বাহিৰে ভিতৰে বহুতেই আপোনাক দক্ষ মন্ত্ৰী বুলি কয়। কথাষাৰ সঁচা–মিছা জনতাই নিৰ্ধাৰণ কৰিব। কিন্তু খোদ আপোনাৰ সমষ্টিতেই থকা, ভূমিপুত্ৰ তিৱাসকলে বাসবাস কৰা ঠাইখনৰ এই বিদ্যালয়খনৰ দুৰৱস্থাই কিন্তু আপোনাৰ দক্ষতাৰ ওপৰত এটা বৃহৎ প্ৰশ্ন উত্থাপন কৰিছে। দুৰ্ভাগ্যজনক কথাটো আপোনাক লগ কৰিব বিচাৰিও পৰা নাই। আপোনাৰ দলীয় স্থানীয় নেতাইও সেই ব্যৱস্থা কৰি দিব পৰা নাই। ইফালে আপোনাৰ বোলে সমষ্টিত জনসম্পৰ্ক ভাল। যদিওবা কিবা কাৰণত বিদ্যালয়খনৰ দুৰৱস্থাৰ বিষয়ে আপুনি জনা নাছিল এতিয়া শিকক্ষ হেমন্ত কুমাৰ শইকীয়াৰ ভাইৰেল পোষ্টৰ পৰা নিশ্চয় গম পাইছে। সংবাদ মাধ্যমত সম্প্ৰচাৰিত বাতৰিটো দেখিছে। এতিয়াটো অন্ততঃ কিবা এটা ব্যৱস্থা লওঁক। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া–প্ৰতিটো কথাতে শিক্ষকসকলক দাবী ধমকি দি থাকিলেও নহয়। শিক্ষাৰ নামত নতুন–নতুন নীতি নিৰ্দেশনা দি থাকিলেই নহয়। এনেবোৰ বিদ্যালয়ৰ খবৰ ৰাখক। আন্তঃগাঁঠনি উন্নত কৰক। মনত ৰাখিব যি সময়ত ছাত্ৰ–ছাত্ৰীৰ অভাৱত আপোনালোকে ইখনৰ পিছত সিখন চৰকাৰী বিদ্যালয় বন্ধ কৰিছে বা একত্ৰিকৰণ কৰিছে তেনেসময়ত জাগীৰোড সমষ্টিৰ এইখন কটহবাৰীত প্ৰাথমিক বিদ্যালয়ত ৭৪ জনকৈ ছাত্ৰ–ছাত্ৰী আছে। যিয়ে ৰদত পুৰি, বৰষুণত তিতি পাঠগ্ৰহণ কৰিব লগা হৈছে। সেই কণমানিসকলৰ গাত ৰদ নলগা আৰু বৰষুণ নপৰা মানুহ নহয়। সিঁহতৰ মূৰৰ ওপৰত এখন চালিৰ ব্যৱস্থা কৰক। খবৰ ওলাইছে শিক্ষক হেমন্ত কুমাৰ শইকীয়াৰ ওপৰত খৰ্গহস্ত শিক্ষা বিভাগ তথা বৰমূৰীয়াসকল। হ’ব পাৰে শাস্তি। যদি খবৰ সঁচা হয় তেন্তে ভুলতো তেনে কাম নকৰিব। পাৰিলে তেওঁক ধন্যবাদ দিয়ক। বিদ্যালয়ৰ দুৰৱস্থাৰ ছবিখন পোহৰলৈ অনাৰ বাবে। আন শিক্ষককো কওক–এনেকুৱা বিদ্যালয় থাকিলে অৱগত কৰিবলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...