আদানীৰ বিৰুদ্ধে পুনৰ সৰৱ ৰাহুল গান্ধী

আদানী কোম্পানীৰ বিৰুদ্ধে ৩২ হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ কৰি সংবাদমেলত প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিলে ৰাহুল গান্ধীয়ে। ইতিমধ্যেই দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা গৌতম আদানীৰ কয়লা কেলেংকাৰিক লৈ পূৰ্বে দিয়া তথ্য ভুল আছিল বুলি ক’লে ৰাহুলে।

পূৰ্বে ২০ হাজাৰ কোটিৰ দুৰ্নীতি হোৱা বুলি কৈছিল
প্ৰকৃততে ইয়াৰ পৰিমাণ ৩২ হাজাৰ কোটি

ইন্দোনেছিয়াৰ পৰা কয়লা ক্ৰয় কৰি দেশত ইয়াৰ দাম দুগুণ কৰিছে আদানীয়ে। ইয়াৰ ফলত জনসাধাৰণৰ মূৰত মাধমাৰ পৰিছে। আদানী কোম্পানীয়ে কয়লাৰ দাম দেশত বৃদ্ধি কৰি দিয়াৰ প্ৰত্যক্ষ প্ৰভাব পৰিছে বিদ্যুৎ উৎপাদনত।

এইদৰে সাধাৰণলোকৰ জেপ কাটিছে আদানীয়ে
আদানীক ৰক্ষণাবেক্ষণ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে

মোদীৰ ৰক্ষণা–বেক্ষণ পোৱাৰ বাবেই আদানীয়ে এনে দুৰ্নীতি কৰিবলৈ সক্ষম হৈছে। এই অভিযোগ কৰিবলৈ গৈ ৰাহুল গান্ধীয়ে লণ্ডনৰ পৰা প্ৰকাশিত বিশ্বৰ অন্যতম চৰ্চিত বাতৰি কাকত ফাইনেনচিয়েল টাইমৰ প্ৰতিবেদনৰ উদ্ধৃতি দাঙি ধৰে। ৰাহুলে দাবী কৰে এখন চৰকাৰ ক্ষমতাচ্যুত হ’বলৈ এনে দুৰ্নীতিয়ে যথেষ্ট। লণ্ডনৰ পৰা প্ৰকাশিত কাকতখনত উল্লেখ কৰা হৈছিল ইন্দোনেছিয়াত জাহাজত তোলাৰ সময়ত কয়লাই যি মুল্য দেখুওৱা হৈছিল ভাৰতত নমাওতে তাৰ দান দুগুণ কৰি দেখুওৱা হৈছে। বৰ্তমান দেশৰ কয়লাৰ বজাৰ মোটামুটি আদানী কোম্পানীৰ দখলত। গতিকে বিদেশৰ পৰা কয়লা ক্ৰয়ত অধিক ব্যয় দেখুওৱাত বিশেষ অসুবিধা নাই। ইয়াৰে সুযোগ লৈছে আদানীয়ে। কিন্তু আদানীৰ লাভৰ অংকত মাধমাৰ খাব লগা হৈছে জনসাধাৰণে। দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলখনত ৰাহুলে বিষয়টো তদন্তৰ বাবে সৰ্বদলীয় বিশেষাধিকাৰ কমিটী গঠনৰো দাবী তুলিলে ৰাহুল গান্ধীয়ে। কিন্তু বিষয়টোক লৈ চৰকাৰী পক্ষই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...