ভাৰতেই নহয়, পাকিস্তান-শ্ৰীলংকা-বাংলাদেশ-ইৰানতকৈও শক্তিশালী আফগানী

0 282

যুদ্ধবিধ্বস্ত দেশখন এতিয়া শাসন এটা কুখ্যাত সন্ত্ৰাসবাদী সংগঠনে। দেশখনৰ আন্তঃগাঁথনি বিধ্বস্তপ্ৰায়। বিশ্বৰ মাথোন ৩–৪খন মান দেশেহে স্বীকৃতি দিছে এই দেশখনক। কিন্তু আশ্বৰ্যজনকভাৱে সেই দেশখনৰ মুদ্ৰাৰ স্থিতি এতিয়াও আছে শক্তিশালী হৈ। ভাৰতৰ টকাতকৈও শক্তিশালী এই দেশখনৰ মুদ্ৰা।

আপুনি জানিলে আচৰিত হ’ব!
ভাৰতৰ প্ৰতিৱেশী এখন ৰাষ্ট্ৰ এতিয়া ভাৰততকৈও ধনী
যুদ্ধবিধ্বস্ত দেশখনৰ ডলাৰৰ বিনিময় মূল্য ভাৰততকৈ কম
১ আমেৰিকান ডলাৰৰ বাবে ভাৰতে দিব লাগে ৮৩ টকা
কিন্তু সেই দেশত ডলাৰৰ বিনিময় মূল্য হৈছে ৭৫ টকা


যুদ্ধবিধ্বস্ত দেশ আফগানিস্তান। ২০২১ৰ ১৫ আগষ্টৰ পিছৰ পৰা আফগানিস্তান দখল কৰি আহিছে সন্ত্ৰাসবাদী সংগঠন তালিবানে। আমেৰিকাই দেশখন এৰি যোৱাৰ পিছত সেই জংগী সংগঠনটোৱে পৰিচালনা কৰি আহিছে দেশখনৰ শাসনভাৰ। দেশৰ নাগৰিকৰ ওপৰত তালিবানে আৰোপ কৰি আহিছে বিভিন্ন ধৰণৰ নিয়ম-কানুন, বাধ্যবাধকতা। বিশেষকৈ মহিলাৰ স্বাধীনতাত আঘাত কৰি মহিলাৰ বাবে কঠোৰ ইছলামিক নিয়ম প্ৰৱৰ্তন কৰিছে তালিবানে। পাৰ্ক, চিনেমা হল, ৰেস্তোৰাঁত মহিলাৰ প্ৰৱেশ নিষিদ্ধ। মূৰৰ পৰা ভৰিলৈকে বোৰ্খা পৰিধান নকৰাকৈ কোনো মহিলা বাহিৰলৈ ওলাব নোৱাৰে। চাকৰি, উচ্চ শিক্ষা আদি সকলোতে মহিলাৰ অধিকাৰ সীমিত।

দেশখনৰ অৰ্থনীতি সংকুচিত হৈছে ২০–৩০% পৰিমাণে
আফগানিস্তানৰে ব্যৱসায় বন্ধ কৰি ৰাখিছে প্ৰায়বোৰ দেশে
তালিবান চৰকাৰক স্বীকৃতি দিছে অকল পাকিস্তান, ছৌদি আৰব আৰু UAEএ


ভাৰতৰ অৰ্থনীতি আফগানিস্তানৰ তুলনাত যথেষ্ট বৃহৎ। কিন্তু এই দুই দেশৰ মুদ্ৰাৰ মূল্যৰ ক্ষেত্ৰত আফগানী টকা ওপৰত আছে ভাৰতীয় টকাতকৈ।

শেহতীয়া পৰিসংখ্যা মতে ভাৰতীয় মুদ্ৰাৰ সৈতে আফগানীৰ বিনিময় হাৰ ৮৯ পইচা
অৰ্থাৎ ভাৰতৰ ১ টকা আফগানিস্তানৰ ৮৯ পইচাৰ সমান
অকল ভাৰতেই নহয়, পাকিস্তান-শ্ৰীলংকা-বাংলাদেশ-ইৰানতকৈও শক্তিশালী আফগানী
যুদ্ধবিধ্বস্ত আফগানিস্তানৰ মুদ্ৰাৰ মূল্য ভাৰততকৈও কিয় বেছি?


বিশেষজ্ঞসকলৰ মতে ইয়াৰ আঁৰত আছে আফগানিস্তানৰ বাণিজ্যিক পৰিকাথামো। আফগানিস্তান এনে এখন দেশ য’ৰ পৰা প্ৰচুৰ পৰিমাণে ফল আৰু অন্য বস্তু ৰপ্তানী কৰা হয়। ৰপ্তানীৰ তুলনাত খুব কম সংখ্যক পণ্য বিদেশৰ পৰা আফগানিস্তানলৈ আমদানী হয়। ক্ষমতালৈ অহাৰ পিছত তালিবান চৰকাৰে কঠোৰভাৱে ৰোধ কৰিছে আফগানিস্তানলৈ আমদানীৰ ক্ষেত্ৰত চোৰাং চালানৰ লগতে দুৰ্নীতি।

দেশখনত প্ৰাপ্ত লোহা, মাৰ্বল, দস্তা, তাম, সোণসহ বিৰল খনিজ পদাৰ্থক লৈ অৰ্থ উপাৰ্জন কৰিছে তালিবানে
আফগানিস্তানৰ সম্পদৰ মূল ভেটি হৈছে দেশখনত থকা প্ৰায় ১৪০০ৰো অধিক খনি
এই খনিসমূহৰ পৰাই কয়লা, তাম, সোণ, লোহা, ক্ৰমাইট আদি উৎপাদন হয়
আন্তৰ্জাতিক বজাৰত বিপুল চাহিদা থকা লিথিয়ামেও বৰঙনি যোগাইছে আফগানিস্তানৰ অৰ্থনীতিত
ইয়াৰ লগতে আফগানিস্তানৰ উপাৰ্জনৰ অন্যতম উৎস হৈছে বিদেশী অনুদান


তালিবান চৰকাৰক সমৰ্থন নকৰিলেও যুদ্ধবিধ্বস্ত দেশখনৰ সাধাৰণ মানুহৰ বাবে বিভিন্ন বিদেশী সংগঠনৰ পৰা আফগানিস্তানলৈ আহে বিপুল পৰিমাণৰ পুঁজি। আফগানিস্তানৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে প্ৰতিবছৰ বিদেশৰ পৰা ১৫ৰ পৰা ২০ কোটি ডলাৰ সাহায্য হিচাপে লাভ কৰে। এই পুঁজিসমূহেও সচল কৰি ৰাখিছে আফগানিস্তানৰ অৰ্থনীতি। তালিবান আমোলত কেন্দ্ৰীয় বেংকে কোনো টকা ছপোৱা নাই। নতুন টকা চপালে ডলাৰৰ সাপেক্ষে দাম বাঢ়ি যোৱাৰ সম্ভাৱনা দেখি এই পদক্ষেপ তালিবানৰ। আফগানিস্তানৰ মুদ্ৰাৰ স্থিতিশীলতা বৃদ্ধিৰ অন্যতম কাৰক হৈছে দেশখনৰ তালিবান চৰকাৰৰ অৰ্থনৈতিক নীতি।

Leave A Reply

Your email address will not be published.