হামাছৰ আক্ৰমণত ১,৪০০ৰো অধিক ইজৰাইলী লোকৰ মৃত্যু

0 581

মানৱতাৰ চূড়ান্ত স্খলন ঘটা গাজাত এইবাৰ একমুহূৰ্ততে মৃত্যুক সাবটি ল’বলগীয়া হ’ল প্ৰায় ৫০০ নিৰীহ লোকে। গাজাৰ হামাছ পৰিচালিত হাস্পতালত আল আহলিত যোৱা নিশা ইজৰাইলী সেনাই বোমা পেলোৱাৰ ফলত হাস্পতালখনত ধ্বংসস্তূপত পৰিণত হয়। কিন্তু এই অভিযোগ অস্বীকাৰ কৰি ইজৰাইলে দোষ ঠেলিলে হামাছৰ এক সহযোগী সংগঠনলৈ।

গাজাত অমানৱীয় কাণ্ড
গাজাত থকা আল আহলি হাস্পতালত বোমা বিস্ফোৰণ
ইজৰাইলী বোমাবৰ্ষণত হাস্পতালত ৫০০ লোকৰ কৰুণ মৃত্যু
এই অভিযোগ অস্বীকাৰ ইজৰাইলী সেনাৰ
ইজৰাইলৰ মতে ইছলামিক জেহাদ নামৰ হামাছৰ সহযোগী সংগঠনৰ এই কাণ্ড


অবৰুদ্ধ গাজাত মানৱীয়তাক ভ্ৰূকুটি কৰি গোলাবৰ্ষণ কৰি বিধ্বস্ত কৰি দিয়া হ’ল এখন হাস্পতাল। ইজৰাইলৰ গোলাবৰ্ষণত হাস্পতালখনত থকা ৰোগী, আত্মীয়, চিকিৎসকসহ প্ৰায় ৫০০ লোকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে হামাছে। এই ঘটনাৰ ফলত আল আহলি হাস্পতালত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। হাস্পতাল চৌহদত অসংখ্য শিশুসহ খণ্ড-বিখণ্ড হোৱা মৃতদেহ সিঁচৰতি হৈ পৰি আছে। এই গোটেই ঘটনাক্ৰমৰ বাবে হামাছ বাহিনীয়ে ইজৰাইলক দোষাৰোপ কৰিছে। হামাছৰ মতে ইজৰাইলে ইচ্ছাকৃতভাৱে চলোৱা এই বোমাবৰ্ষণৰ ফলত হাস্পতালখন বিধ্বস্ত হৈ পৰে। উল্লেখ্য যে, এতিয়ালৈকে

আল আহলি হাস্পতালত বোমা বৰ্ষণৰ পূৰ্বলৈকে পেলেষ্টাইনত ২,৭৭৮ লোকৰ মৃত্যু
আহত হৈছে ৯,৭০০ৰো অধিক লোক
১,২০০ৰো অধিক লোক গাজাৰ বিধ্বস্ত দালানৰ ভিতৰত এতিয়াও আবদ্ধ হৈ ৰৈছে
হামাছৰ আক্ৰমণত ১,৪০০ৰো অধিক ইজৰাইলী লোকৰ মৃত্যু
২০০ ইজৰাইলী লোকক এতিয়াও পণবন্দী কৰি ৰাখিছে হামাছে


ইফালে হাস্পতালখনত বোমাবৰ্ষণৰ বাতৰি অস্বীকাৰ কৰিছে ইজৰাইলে। ইজৰাইলী সেনাৰ মতে হামাছৰ সহযোগী ‘ইছলামিক জেহাদ’ সংগঠনে এই ঘটনা সংঘটিত কৰিছে। ইজৰাইলৰ দাবী– সেই এলেকাত ইজৰাইলী সেনাই বিমান, নৌকা বা স্থলভাগৰ পৰা কোনো ধৰণৰ আক্ৰমণ চলোৱা নাছিল। ইজৰাইলৰ আক্ৰমণত ব্যৱহৃত বোমাই সৃষ্টি কৰা ধ্বংসলীলাৰ লগত আল আহলি হাস্পতালত হোৱা ধ্বংসলীলাৰ মিল নাই।

ইজৰাইলৰ দাবী অস্বীকাৰ ‘ইছলামিক জেহাদ’ সংগঠনৰ
সংগঠনটোৰ মতে এই গণহত্যাৰ দায়িত্ব সাৰিবলৈ এই দাবী ইজৰাইলৰ
মাৰ্কিন ৰাষ্ট্ৰপতি বিডেনৰ মতেও হাস্পতাল আক্ৰমণৰ আঁৰত হামাছৰ সহযোগী
সমগ্ৰ আৰব বিশ্বৰ গৰিহণা হাস্পতাল ধ্বংস কৰা কাৰ্যক
প্ৰধানমন্ত্ৰী মোদীয়েও গৰিহণা দিলে হাস্পতাল আক্ৰমণক


মানৱতাৰ চূড়ান্ত পতন ঘটা পেলেষ্টাইনত সংঘটিত এই ঘৃণনীয় কাৰ্যক গৰিহণা দিছে সমগ্ৰ বিশ্বই। অৱশ্যে ইয়াৰ পিছতো ইজৰাইলে গাজাত অব্যাহত ৰাখিছে বোমা বিস্ফোৰণ।

Leave A Reply

Your email address will not be published.