গাজাত ইজৰাইলৰ গোলাবৰ্ষণ অব্যাহত

0 245

অৱৰুদ্ধ গাজাত প্ৰৱেশ নকৰিলেও গোলাবৰ্ষণ অব্যাহত ৰাখিছে ইজৰাইলে। মঙলবাৰে ইজৰাইলৰ গোলাবৰ্ষণৰ লক্ষ্য হৈ পৰে দক্ষিণ গাজা। ইজৰাইলৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে ইৰান। ইয়াৰ মাজতে বুধবাৰে ইজৰাইলৰ ৰাজধানী তেল আভিভত গৈ উপস্থিত হ’ব যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন।

গাজাত ইজৰাইলৰ গোলাবৰ্ষণ অব্যাহত

২০০ৰো অধিক স্থানত আঘাত হানিলে ইজৰাইলৰ বোমাই

হামাছৰ নেতা ওছামা আল মাজিনি নিহত হোৱাৰ বাতৰি

অৱৰুদ্ধ গাজাৰ পৰিস্থিতিৰ অধিক অৱনতি

ইজৰাইলৰ আক্ৰমণত ২৭৫০ গৰাকী পেলেষ্টাইনীৰ মৃত্যু

আহত হৈছে ১০ হাজাৰৰো অধিক লোক

লেবাননৰ সৈতেও ইজৰাইলৰ চলিছে গুলীয়াগুলী

ইজৰাইলী বাহিনীয়ে যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ অনুৰোধৰ পিছত গাজাত প্ৰৱেশ নকৰিলেও গাজা ভূখণ্ডলৈ গোলাবৰ্ষণ অব্যাহত ৰাখিছে। ইতিমধ্যে উত্তৰ গাজা এৰি দক্ষিণ গাজাৰ দিশত যাবলৈ ইজৰাইলে দিয়া হুমকিৰ পিছতে মঙলবাৰে গাজাৰ দক্ষিণাংশত ইহুদি ৰাষ্ট্ৰখনে প্ৰচণ্ড গোলাবৰ্ষণ অব্যাহত ৰাখিছে। এই ঘটনাত প্ৰায় ৪০ গৰাকী পেলেষ্টাইনীৰ মৃত্যু হোৱাৰ বাতৰি আহিছে। নিহতসকলৰ ভিতৰত আছে হামাছৰ নেতা ওছামা আল মাজিনি। ইফালে অৱৰুদ্ধ গাজাত প্ৰচণ্ড খাদ্য সংকটে দেখা দিছে। ৰাষ্ট্ৰসংঘৰ ৱৰ্ল্ড ফুড প্ৰগ্ৰেম সংগঠনে গাজাৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

UN RIGHTSৰ মতে ইজৰাইলৰ গাজা অৱৰোধ বৈধ নহয়

‘সময়সীমা বান্ধি গাজাবাসীক গাজা এৰিবলৈ দিয়া নিৰ্দেশো আইনসংগত নহয়’

‘সেয়া আন্তৰ্জাতিক আইন ভংগ কৰি বলপূৰ্বক স্থানান্তৰৰ নামান্তৰ মাথোঁ’

ইজৰাইল আৰু হামাছৰ মাজত অব্যাহত ৰোৱা সংঘৰ্ষৰ মাজত ইজৰাইলৰ পক্ষত অৱস্থানৰ দৃঢ়তা প্ৰদৰ্শন কৰি ইজৰাইল অভিমুখে যাত্ৰাৰ প্ৰস্ততি চলাইছে যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে।

বুধবাৰে ইজৰাইল পাবহি যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি জ’ বাইডেন

ইতিমধ্যে যুক্তৰাষ্ট্ৰৰ গৃহ সচিব এণ্টনী ব্লিনকেন মিলিত হৈছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰে

ৰাজধানী তেল আভিভত দীঘলীয়া সময়ৰ বাবে মিলিত হয় নেত্যানাহু-ব্লিনকেন

বাইডেনে ইজৰাইলৰ পৰা জৰ্দান ভ্ৰমণ কৰি মধ্যপ্ৰাচ্যৰ সংকট নিৰাময়ৰ বাবে প্ৰয়াস কৰিব বুলিও যুক্তৰাষ্ট্ৰই প্ৰকাশ কৰিছে। ইফালে, ইজৰাইলৰ হাতত পেলেষ্টাইনী লোক নিগৃহীত হোৱাৰ বাতৰিত ক্ষুব্ধ হৈ পৰিছে ইৰানৰ লগতে লেবানন, ছিৰিয়া আদিও। ইৰানৰ বৈদেশিক মন্ত্ৰী আবদুল্লাহিয়ানৰ মতে ইজৰাইলৰ গাজা আক্ৰমণৰ প্ৰত্যুত্তৰ দিব ইৰানে।

পুনৰবাৰ ইজৰাইলক সকীয়নি ইৰানৰ বৈদেশিক মন্ত্ৰীৰ

ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনীৰ মতে পেলেষ্টাইনীসকলৰ বিৰুদ্ধে ইজৰাইলীসকলে গ্ৰহণ কৰা কাৰ্যৰ বাবে ইজৰাইলী সেনাক জবাবদিহি কৰিব লাগে। গাজাত গোলাবৰ্ষণ শীঘ্ৰেই বন্ধ কৰিবলৈ আহ্বান জনাইছে ইৰানী নেতাজনে। বিগত সময়ছোৱাত ইৰানে মুকলিভাৱে হামাছ বাহিনীক সমৰ্থন জনাই আহিছে। ফলত এতিয়াও উত্তেজনাপূৰ্ণ হৈ আছে অৱৰুদ্ধ গাজাৰ পৰিস্থিতি।

Leave A Reply

Your email address will not be published.