ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ চলিব ভুটভুটী নাও

ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ চলিব যন্ত্ৰচালিত নাও। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচলৰ বাবে ইতিমধ্যে সাজু কৰা হৈছে ১০খন ভুটভুটী নাও। প্ৰতিখন নাওতে স্থাপন কৰা হৈছে শক্তিশালী ইঞ্জিন। চালকে সুবিধা মতে নিয়ন্ত্ৰণ কৰিব পৰা এই ভুটভুটীসমূহৰ বহন ক্ষমতা অনুযায়ী যাত্ৰী উঠোৱা হ’ব।

যাত্ৰীৰ সুৰক্ষাৰ বাবে ভুটভুটীসমূহত আছে লাইফ জেকেট, লাইফ ব’ট আদিও। গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত থকা তিনিটাকৈ পাৰঘাটৰ পৰা চলাচল কৰিব এই ভুটভুটীসমূহ। উল্লেখ্যে যে ২০১৮ চনৰ ৫ ছেপ্টেম্বৰত সংঘটিত নাও দুৰ্ঘটনাৰ পিছত বন্ধ কৰা হৈছিল ভুটভুটীৰ চলাচল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...