যমুনামুখত আজমলৰ দুৰ্গৰ খহনীয়াত উপকৃত অগপ

নগাঁও জিলাৰ ধৰ্মীয় সংখ্যালঘু বসতিপ্ৰধান যমুনামুখ সমষ্টি শেহতীয়া প্ৰায় ২টা দশক ধৰি দুৰ্গ হৈ আহিছে আজমল পৰিয়ালৰ বাবে। বদৰুদ্দিন আজমল, ভাতৃ ছিৰাজুদ্দিন আজমল আৰু পুত্ৰ আব্দুৰ ৰহিম আজমলক যমুনামুখবাসীয়ে তেওঁলোকৰ প্ৰতিনিধি ৰূপে প্ৰেৰণ কৰি আহিছে বিধানসভালৈ।কিন্তু এইবাৰ যমুনামুখত প্ৰত্যাহ্বান সন্মুখীন হৈছে আজমল বাহিনী। কোনে আজমল বাহিনীক জনাইছে প্ৰত্যাহ্বান?

যমুনামুখত আজমলৰ দুৰ্গৰ খহনীয়াত উপকৃত অগপ
আঞ্চলিক দলটোত যোগ দিলে AIUDFৰ ২ শতাধিক নেতা-কৰ্মীয়ে
ক্ষুব্ধ নেতা-কৰ্মীৰ দলটোৰ নেতৃত্বত কেন্দ্ৰীয় সমিতিৰ সম্পাদক মহম্মদ আলী
‘AIUDF চলাই আহিছে ৩জন শিক্ষকেহে’
‘ছিৰাজুদ্দিনৰ নেতৃত্বত AIUDF এটা কোম্পানীহে’
AIUDF ত্যাগ কৰা দলৰ নেতা-কৰ্মীৰ বিস্ফোৰণ

যমুনামুখত বিপদৰ সন্মুখীন হৈছে বিধায়ক ছিৰাজুদ্দিন আজমলৰ দল AIUDF। দলৰ নেতাৰ কাৰ্যত ক্ষুব্ধ ২ শতাধিক AIUDF নেতা–কৰ্মীয়ে দল এৰি দেওবাৰে যোগ দিয়ে অসম গণ পৰিষদত। অগপৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কেশৱ মহন্তৰ উপস্থিতিত এইসকল নেতা–কৰ্মীয়ে অগপত যোগ দিয়ে শনিবাৰে। উল্লেখ্য যে যমুনামুখ AIUDFএ দখল কৰাৰ পূৰ্বে এই সমষ্টি অগপৰ দখলত আছিল। সেই সূত্ৰে অগপৰ ভেটি যমুনামুখত এতিয়াও শক্তিশালী। উল্লেখ্য যে, ২০০৬ চনৰ পৰা যমুনামুখ আজমল পৰিয়ালৰ সম্পত্তিৰ দৰে হৈ ৰৈছে-

বদৰুদ্দিন আজমল, পুত্ৰ আব্দুৰ ৰহিম, ভাতৃ ছিৰাজুদ্দিন বিধায়ক হৈছে যমনামুখত
তাৰ পূৰ্বে ১৯৯৬ চনৰ পৰা ২০০৬লৈ যমুনামুখ আছিল অগপৰ দখলত
অগপ নেতা খলিলুৰ ৰহমান চৌধুৰী আছিল যমুনামুখৰ দুবাৰৰ বিধায়ক

কিন্তু বদৰুদ্দিন আজমলসহ পুত্ৰ আব্দুৰ ৰহিম আজমল, ভাতৃ ছিৰাজুদ্দিন আজমলৰ কাম–কাজত সম্প্ৰতি ক্ষুন্ন দলৰ নেতা–কৰ্মী। দলটোৰ জন্মলগ্নৰে পৰা জড়িত তথা বিধায়কৰ অনুপস্থিতিত দলটোক নেতৃত্ব দিয়া AIUDFৰ কেন্দ্ৰীয় সম্পাদক মহম্মদ আলীৰ মতে ইমান দিনে দলত নহয় এটি কোম্পানীতহে কাম কৰা যেন লাগিছিল তেওঁলোকৰ।

দীৰ্ঘদিন ধৰি সমষ্টিৰ ৰাইজৰে যোগাযোগত নাই বিধায়ক ছিৰাজুদ্দিন আজমল
শুংসূত্ৰহীন ছিৰাজুদ্দিনক লৈ ক্ষুব্ধ AIUDF নেতা-কৰ্মী
যমুনামুখত দল চলাই থকা ৩ শিক্ষকক লৈও ক্ষোভ পদত্যাগী নেতা-কৰ্মীৰ

দলটো বৰ্তমানে যমুনামুখ সমষ্টিত তিনি জন শিক্ষকে চলাই আছে বুলিও মন্তব্য আকবৰ আলীৰ ৷ নজৰুল,বাহাৰ নামৰ শিক্ষক কেইজনে বিধায়কৰ এলেকা উন্নয়ন পুজিঁৰ আৱন্তিত ধনৰ ৫০ শতাংশ ব্যয় কৰি বাকীখিনি আত্মসাৎ কৰাৰ অভিযোগ আনিছে আলীয়ে ৷

ইফালে, ২ শতাধিক নেতা–কৰ্মীৰ অগপ গমনৰ পিছত AIUDFৰ হোজাইস্থিত জিলা কাৰ্যালয়ত জিলা সভাপতিগৰাকীয়ে ১৮গৰাকী নেতা–কৰ্মীক বহিষ্কাৰ কৰা বুলি ঘোষণা কৰিছে। যমুনামুখ সমষ্টিত জন্ম লগ্নৰে পৰা AIUDFৰ গুৰি ধৰোতা হিচাপে থকা এই নেতা সকলে হঠাত অগপত যোগদান কৰাৰ ফলত AIUDF যে ক্ষতিগ্ৰস্ত হৈছে সেয়া নিশ্চিত৷ পূৰ্বৰ যমুনামুখ সমষ্টি বিলুপ্তকৰনৰ পাছত নতুনকৈ গঠিত হোৱা বিন্নাকান্দি সমষ্টিত এ আই ইউ ডি এফৰ নেতৃত্বই পূৰ্বৰ দৰে দলটোক শক্তিশালী কৰিব পাৰিবনে সেইয়াও আজিৰ দিনত এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...