এতিয়াও মিজোৰামত আবদ্ধ ২৯জন ম্যানমাৰ সেনাৰ জোৱান

মিজোৰাম আৰক্ষীৰ ওচৰত বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰিছিল ম্যানমাৰ সেনাৰ ২৯গৰাকী জোৱানে। এইসকল সেনাক ভাৰত চৰকাৰে হেলিকপ্টাৰেৰে মণিপুৰৰ তামুলৈ নি ম্যানমাৰলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু বতৰৰ দুৰ্যোগৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাই। ইফালে ম্যানমাৰ সেনা আৰু বিদ্রোহীৰ সংঘৰ্ষত ভাৰতে ম্যানমাৰ সেনাৰ পক্ষত অৱস্থান কৰা পৰিলক্ষিত হৈছে।  

এতিয়াও মিজোৰামত আবদ্ধ ২৯জন ম্যানমাৰ সেনাৰ জোৱান

বৃহস্পতিবাৰে মিজোৰামত আত্মসমৰ্পণ কৰিছিল সেনাৰ দলটোৱে

প্রতিকূল বতৰৰ বাবে দলটোৰ ম্যানমাৰ প্রত্যাৱৰ্তনত সমস্যা

ম্যানমাৰত বিদ্রোহীৰে সংঘৰ্ষৰ পাছত ভাৰতলৈ পলায়ন দলটোৰ

বিদ্রোহীৰে সংঘৰ্ষত ভাৰতে পক্ষ লৈছে ম্যানমাৰ সেনাৰ

ম্যানমাৰৰ পৰা মিজোৰামত প্রৱেশ কৰা জুণ্টা চৰকাৰৰ ৩৯গৰাকী সেনাক ভাৰত চৰকাৰে মণিপুৰৰ ম’ৰে হৈ দেশখনলৈ প্রত্যাৱৰ্তনৰ সুযোগ দিছিল। ইয়াৰ পাছতো বৃহস্পতিবাৰে পুনৰ ভাৰতত প্রৱেশ কৰিছিল ২৯জনীয়া ম্যানমাৰ সেনাৰ এটা দলে। মিজোৰামৰ সীমান্তৱৰ্তী চিন প্ৰদেশত বিদ্রোহী সংগঠন পিপলছ আৰ্মী CNDFৰ সৈতে ৪ ঘণ্টাজোৰা গুলীয়াগুলীৰ পাছত সেনাৰ দলটোৱে পলাবলৈ বাধ্য হৈছিল। মিজোৰাম সীমান্তৰ পৰা ১৩ কিলোমিটাৰ নিলগত ম্যানমাৰৰ টুইবোৱাল এলেকাত হোৱা সংঘৰ্ষত ইতিমধ্যে দুজন ম্যানমাৰ সেনাৰ মৃত্যু হোৱাৰ লগতে বিদ্ৰোহী গোট CNDFৰো ৩জন সদস্য গুলীবিদ্ধ হৈছিল। পৰৱৰ্তী সময়ছোৱাত CNDF আৰু ম্যানমাৰ সেনাৰ মাজত হোৱা এক চুক্তিমৰ্মে সেনা দলটোৱে ভাৰতত প্রৱেশ কৰে।   

ছাইখুমফাইত মিজোৰাম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ম্যানমাৰ সেনাৰ দলটোৰ

দলটোৱে জমা দিছিল কেইবাটাও বন্দুক, গোলাবাৰুদ আৰু বোমা

সেনাৰ দলটোক মিজোৰাম আৰক্ষীয়ে অৰ্পণ কৰে আছাম ৰাইফলছক

বৃহস্পতিবাৰে দলটোক ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰেৰে মণিপুৰৰ তামুলৈ নিয়াৰ কথা আছিল মিজোৰামত হৈ থকা বৰষুণৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। বৰ্তমান ম্যানমাৰ সেনাৰে বিদ্রোহীৰ সংঘৰ্ষৰ সাময়িক যতি পৰিছে। চিন প্রদেশৰ খাওমাৱি আৰু ৰিহখাওদাৰত দুটাকৈ সেনাৰ শিবিৰত বিদ্রোহীয়ে আক্রমণ কৰাৰ ফলত অঞ্চলটোৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। উল্লেখ্য যে ২০২১ চনৰ ফেব্রুৱাৰী ম্যানমাৰৰ জুণ্টা সেনাৰ অভ্যুত্থানৰ পাছৰে পৰা চিন সম্প্রদায়ৰ প্রায় ৩১,০০০ লোকে মিজোৰামত আশ্রয় লৈ আছে। উল্লেখ্য যে, চিন আৰু মিজোসকল একেটা জ’ সম্প্রদায়ৰ লোক। মিজোৰামৰ ম্যানমাৰৰ সৈতে আছে ৫১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তৰ্জাতিক সীমান্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...