দক্ষিণ শালমাৰা-মানকাচৰত ম’ৰেল পুলিচৰ অত্যাচাৰ

মৰেল পুলিচিঙৰ বিৰুদ্ধে ধাৰাবাহিকভাবে বাতৰি সম্প্ৰচাৰ হৈছে টিভিত। বাতৰি কাকততো ধাৰাবাহিকভাবে প্ৰকাশ হৈছে বাতৰি। বিভিন্ন সন্দেহত মানুহক নিৰ্মমভাবে মাৰপিট কৰা অথবা অত্যাচাৰ কৰা লোক গ্ৰেপ্তাৰ হৈছে, কাৰাগাৰলৈ গৈছে। কিন্তু ইমানৰ পিছতো শিক্ষা লোৱা নাই একাংশই। মানকাচৰত পুনৰ মৰেল পুলিচিঙৰ ঘটনা। মোবাইল চুৰিৰ সন্দেহত মানসিকভাবে অস্থিৰ এজন লোকক বিদ্যুতৰ খুঁটাত বান্ধি লাঠীৰে নিৰ্মম প্ৰহাৰ কৰা হ’ল। একাংশই চাই থাকিলে আৰু একাংশই মোবাইলত বন্দী কৰিলে সেই দৃশ্য। ছ’চিয়েল মিডিয়াত ভাইৰেল এক দৃশ্যই পুনৰ সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

একাংশ মানুহে কেতিয়াও শিক্ষা নলয়…
গাত বল থাকিলেই নিজকে পুলিচ বুলি ভাবে

আৰু সেই কাৰণেই মাজে মাজে অসমৰ বিভিন্ন প্ৰান্তত মাজে মাজে পোহৰলৈ আহে এনে ঘটনা। যাক আমি কওঁ মৰেল পুলিচিং বুলি। ঘটনা দক্ষিণ শালমাৰা-মানকাচৰৰ। বিদ্যুতৰ খুঁটাত বান্ধি থোৱা হৈছে এজন লোকক।

কোনোবাই লাঠিৰে কোবাইছে
কোনোনাই চৰ শোধাইছে
মাজে মাজে প্ৰশ্নও কৰিছে আক্ৰমণকাৰীয়ে

মানকাচৰৰ সুখচৰ আৰক্ষী থানা এলেকাৰ ফাত্তাপাৰা বজাৰত সংঘটিত হৈছে এই ঘটনা। বহু লোকে ঘেৰাও কৰি উপভোগ কৰিছে এই দৃশ্য। দৰ্শকৰ মাজত আছে কণ কণ শিশুও। ভুক্তভোগী লোকজন মানসিকভাবে অস্থিৰ। নাম মজব আলী। একাংশৰ সন্দেহ- মোবাইল চুৰি কৰিছে তেওঁ। অভিযুক্ত লোকজনে বাৰম্বাৰ অস্বীকাৰ কৰিছে এই অভিযোগ। কিন্তু নাই তেওঁৰ কথা কোনেও মানি নলয়। প্ৰথমে গেঞ্জী-লুঙি পৰিহিত লোকজনে লাঠিৰে নিৰ্মমভাবে প্ৰহাৰ কৰিছে লোকজনক। সমান্তৰালকৈ প্ৰহাৰ কৰি গৈছে গেঞ্জী-লুঙি পৰিহিত আন এজন লোকেও। তাৰ পিছতে প্ৰহাৰ কৰিছে কুৰ্তা-পায়জামা পৰিহিত আন এজন লোকে।

মাজে মাজে দুই এজনে মাতিছে- নালাগে মাৰিব।
কিন্তু কাৰো কথাই শুনিবলৈ ধৈৰ্য নাই মাতব্বৰৰূপী লোককেইজনৰ। প্ৰহাৰত মানসিকভাবে অস্থিৰ ভুক্তভোগী লোকজনৰ কাতৰ চিঞঁৰ। কিন্তু কাৰোৱেই ভ্ৰূক্ষেপ নাই। মোবাইল বিচাৰি লোকজনক তালাচীও চলোৱা হ’ল। কিন্তু চুৰি হোৱা মোবাইল নোলাল।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায়েই আমালৈ আহে মৰেল পুলিচিঙৰ এনে ঘটনাৰ খবৰ। বহু ঘটাত মৃত্যু হয় ভুক্তভোগী মানুহৰ। গুৰুত্বসহকাৰে সম্প্ৰচাৰ হয় বাতৰি। পোহৰলৈ অহা এনে ঘটনাৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰে। মৰেল পুলিচিং চলোৱা বহু লোকক গ্ৰেপ্তাৰো কৰিছে আৰক্ষীয়ে, অভিযুক্তক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে। কিন্তু ইমানৰ পিছতো শিক্ষা নলয় একাংশই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...