দিছপুৰ কলেজৰ একাউণ্টৰ পৰা কেনেকৈ নোহোৱা হ’ল ৭৬ লাখ টকা?

সাৱধান! চাইবাৰ প্ৰবঞ্চকৰ কৱলত আপুনিও পৰিব পাৰে। দিছপুৰ কলেজৰ একাউণ্টৰ পৰা বৃহৎ পৰিমাণৰ ধন হৰলুকী। কলেজৰ একাউণ্টৰ পৰা হৰলুকী হ’ল ৭৬ লাখ টকা। চাইবাৰ প্ৰবঞ্চকে কৌশলেৰে ধন হৰলুকী কৰাৰ অভিযোগ। বেংক অৱ বৰোদাৰ দিছপুৰ শাখাত আছে কলেজৰ একাউণ্ট। কলকাতাৰ ইউনিয়নলৈ বেংকলৈ ট্ৰান্সফাৰ হৈছে ধনখিনি। ইতিমধ্যে দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই। অৱশ্য়ে এই সন্দৰ্ভত কোনো লোকক এইপৰ্যন্ত গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে। ২ মে’ত সংঘটিত এই ঘটনাই দিছপুৰ মহাবিদ্যালয়ত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...