১৭ জুলাইত অসমলৈ RSSৰ মুৰব্বী মোহন ভাগৱত

গুৱাহাটী, ১০ জুলাই, NKTV: অহা ১৭ জুলাইত ৪ দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব RSSৰ মুৰব্বী মোহন ভাগৱত। বিভিন্ন সাংগঠনিক কাৰ্যসূচীৰে অসমলৈ আহিবলগীয়া সংঘ প্ৰধানজনে বিষয়ববীয়াসকলকো সাক্ষাৎ কৰিব। শেহতীয়াকৈ দেশত হিন্দু-মুছলমানৰ সমতাৰ কথা কৈ চৰ্চালৈ অহা সময়তে RSSৰ মুৰব্বীজনৰ অসম ভ্ৰমণ অত্যন্ত তাৎপৰ্যপূৰ্ণ। কেইদিনমানৰ পূৰ্বে RSSৰ মুৰব্বীজনে ভাৰতত হিন্দু আৰু মুছলমানৰ DNA একে আৰু দুয়োটা ধৰ্মৰ লোকৰ মাজত কোনো পাৰ্থক্য নাই বুলি মন্তব্য কৰিছিল।

মোহন ভাগৱতে আনকি MOB LYNCHINGৰ সৈতে জড়িতসকল হিন্দু নহয় বুলিও মন্তব্য কৰিছিল।

উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো স্পৰ্শকাতৰ ৰাজ্যৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সংঘ প্ৰধানজনে সুৰ সলোৱা বুলি দেশজুৰি চৰ্চা হৈছে। ইয়াৰ মাজতে ভাগৱতৰ অসম ভ্ৰমণেও দৃষ্টি আকৰ্ষণ কৰিছে। ভাৰতীয় সংস্কৃতি হিন্দুৰ সংস্কৃতি বুলি কোৱা RSSএ কেইবাখনো ৰাজ্য আৰু ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসমতো সংঘাতময় স্থিতি পৰিহাৰ কৰি সদ্ভাৱ–সম্প্ৰীতিৰ দিশেৰে আগ বাঢ়িৱলৈ পৰামৰ্শ দিয়াৰ সম্ভাৱনা আছে। বিশেষকৈ ভাৰতীয় হিন্দু আৰু মুছলমানৰ একে DNA আৰু তেওঁলোক অভিন্ন বুলি মন্তব্য কৰাৰ পিছত বিষয়টো অসমতো চৰ্চিত হৈছে।

ব্যুৰ’ ৰিপ’ৰ্ট, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...