মোদী কেবিনেটত কোটিপতি–অপৰাধীৰ সমাহাৰ

গুৱাহাটী, ১০ জুলাই, NKTV: মোদী কেবিনেটত ভিৰ বাঢ়িছে কোটিপতি আৰু অপৰাধী মন্ত্ৰীৰ। মন্ত্ৰীসভাৰ ৯০ শতাংশ সদস্য কোটিপতি হোৱাৰ বিপৰীতে ৪২ শতাংশৰ বিৰুদ্ধে আছে ফৌজদাৰী গোচৰ। ASSOCIATION FOR DEMOCRATIC REFORMS–এ সমীক্ষা চলাই প্ৰকাশ কৰিছে এই তথ্য। শেহতীয়া সম্প্ৰসাৰণৰ পিছত মোদী মন্ত্ৰীসভাৰ ৭৮জন মন্ত্ৰীৰ অপৰাধ অতীত আৰু ধন-সম্পত্তিৰ বিষয়ে সমীক্ষা চলাই লাভ কৰা তথ্য অনুসৰি ৭৮জন মন্ত্ৰীৰ ৩৩জনৰ বিৰুদ্ধে আছে ফৌজদাৰী অপৰাধ গোচৰ। ইয়াৰে ২৪জনৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ আছে। শতকৰা হিচাপত মন্ত্ৰীসভাৰ ৪২ শতাংশ সদস্য অপৰাধ গোচৰত অভিযুক্ত আৰু ইয়াৰে ৩১ শতাংশ সদস্যৰ বিৰুদ্ধে হত্যা, হত্যাৰ চেষ্টা, সাম্প্ৰদায়িক সংঘৰ্ষ আদি গোচৰ আছে।

মন্ত্ৰীসভাৰ ৭০জন মন্ত্ৰী কোটিপতি আৰু তেওঁলোকৰ ১৬.২৪ কোটি টকাকৈ গড় ধন-সম্পত্তি আছে। শতকৰা হিচাপত মন্ত্ৰীসভাৰ ৯০ শতাংশ সদস্য কোটিপতি। মন্ত্ৰীসভাৰ ১১গৰাকী সদস্য মহিলা। শতকৰা হিচাপত মহিলাৰ সংখ্যা ১৪ শতাংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...