চীনত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত মোদীয়ে দিলে এক শক্তিশালী বাৰ্তা

চীনৰ তিয়ানজিনত অনুষ্ঠিত এছচিঅ’ (SCO) সন্মিলনত ভাষণ প্ৰদান কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ অৱস্থান গ্ৰহণ কৰে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ ছৰিফৰ সন্মুখত তেওঁ সন্ত্ৰাসবাদক সমৰ্থনৰ বিৰুদ্ধে কঠোৰ বাৰ্তা প্ৰদান কৰে। আল কায়দাৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ নাম উল্লেখ কৰি তেওঁ স্পষ্টৰূপে কয় যে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বব্যাপী সংগ্ৰামত কোনো দ্বিচাৰিতা গ্ৰহণযোগ্য নহয়।

সোমবাৰে তিয়ানজিনত আয়োজিত এছচিঅ’ সন্মিলনত ভাৰত, পাকিস্তানকে ধৰি মুঠ ২০খন দেশৰ প্ৰতিনিধি উপস্থিত আছিল। সন্মিলনৰ পূৰ্বে মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ সৈতে কথা-বতৰা পাতে। ইয়াৰ পিছত সেই মঞ্চৰ পৰাই তেওঁ সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ বাৰ্তা প্ৰদান কৰে। তেওঁ কয়, “কিছুমান দেশে যিদৰে খোলাখুলিভাৱে সন্ত্ৰাসবাদক সমৰ্থন কৰিছে, তাক আমি গ্ৰহণ কৰিব পাৰোঁনে? এই প্ৰশ্ন উত্থাপিত হয়।” সন্ত্ৰাসবাদক মানৱতাৰ বাবে প্ৰত্যাহ্বান বুলি উল্লেখ কৰি তেওঁ কয় যে, ইয়াৰ ফলত কেৱল ভাৰতৰ নহয়, সমগ্ৰ বিশ্বৰ ক্ষতি হৈছে।

পেহেলগাম আক্ৰমণৰ প্ৰসংগ উল্লেখ কৰি মোদীয়ে কয়, “পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ কেৱল ভাৰতৰ আত্মাৰ ওপৰত আঘাত নহয়, বৰং ই মানৱতাত বিশ্বাসী সকলো দেশৰ বাবে এক মুকলি প্ৰত্যাহ্বান। আমি নিশ্চিত কৰিব লাগিব যে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংগ্ৰামত কোনো দ্বিচাৰিতা সহ্য কৰা নহ’ব।” তেওঁ আৰু কয়, “পেহেলগামত আমি সন্ত্ৰাসবাদৰ এটা অতি ভয়াৱহ আৰু উগ্ৰ ৰূপ প্ৰত্যক্ষ কৰিছো। আমাৰ সন্তানসকলক হেৰুৱাইছো। বহুতে অনাথ হৈ পৰিছে। বিগত চাৰি দশক ধৰি ভাৰত এই সন্ত্ৰাসবাদৰ চিকাৰ। যিসমূহ দেশে আমাৰ কাষত থিয় দিছে, তেওঁলোকক ধন্যবাদ।” এই ভাষণৰ সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ছৰিফো সন্মিলনত উপস্থিত আছিল।

মোদীয়ে এছচিঅ’ গোষ্ঠীক সন্ত্ৰাসবাদৰ বিৰুদ্ধে ‘জিৰ’ টলাৰেন্স’ নীতি গ্ৰহণৰ আহ্বান জনায়। তেওঁ সন্ত্ৰাসবাদৰ সৈতে কোনো প্ৰকাৰে আপোচ নকৰাৰ অনুৰোধ জনায়। তেওঁৰ মতে, “সন্ত্ৰাসবাদ আৰু চৰমপন্থা মানৱতাৰ বাবে যৌথ প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বান থাকিলে কোনো দেশ বা সমাজে নিৰাপদ অনুভৱ কৰিব নোৱাৰে। নিৰাপত্তা সকলো দেশৰ অধিকাৰ।” সন্ত্ৰাসবাদৰ মোকাবিলাত ভাৰতৰ ভূমিকা ব্যাখ্যা কৰি মোদীয়ে কয়, “সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংগ্ৰামত ভাৰতে নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰিছে। আল কায়দা আৰু তাৰ সহযোগী সংগঠনসমূহৰ বিৰুদ্ধে আমি যুঁজিছো। ধনৰ জৰিয়তে সন্ত্ৰাসবাদক সহায় কৰাৰ বিৰোধিতা কৰোঁ।”

উল্লেখ্য, বিগত ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জনৰ মৃত্যু হৈছিল। প্ৰথমৰে পৰা ভাৰতে এই ঘটনাৰ বাবে পাকিস্তানক দায়ী কৰি আহিছে। তেওঁলোকৰ বিৰুদ্ধে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিগত ৬ মে’ত ভাৰতীয় সেনাই পাকিস্তানত অভিযান চলাই কেইবাটাও সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল। তাৰ পিছত প্ৰায় চাৰিদিন দুয়োখন দেশৰ মাজত সংঘৰ্ষ চলিছিল। এই পৰিপ্ৰেক্ষিতত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত পেহেলগামৰ প্ৰসংগ তুলি মোদীয়ে কঠোৰ বাৰ্তা প্ৰদান কৰে।

এছচিঅ’ সন্মিলনৰ পিছত মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠক কৰিব। ইতিমধ্যে দেওবাৰে তেওঁ চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠক সম্পন্ন কৰিছে। সোমবাৰেই তেওঁ ভাৰতলৈ উভতি অহাৰ কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...