নিৰ্বাচনো শেষ, মোদীৰ পৰিয়ালো নিঃশেষ…

নিৰ্বাচনো শেষ। মোদীৰ পৰিয়ালো নিঃশেষ। মোহন ভাগৱতৰ সকীয়নিৰ পিছত জোকাৰণি বিজেপিত। লোকসভাৰ নিৰ্বাচন অন্ত পৰিল। পুনৰ ক্ষমতালৈ আহিল মোদী। ইতিমধ্যে ভাগে ভাগে মন্ত্ৰীয়ে চমজি ল’লে বিভাগ–দপ্তৰ। এতিয়া আৰু প্ৰয়োজন নাই মোদী পৰিয়ালৰ। বিজেপি নেতাই ছ’চিয়েল মিডিয়া একাউণ্টত লিখা ‘মোদী কা পৰিবাৰ’ শব্দ শৃংখলো আঁতৰিল। প্ৰধামন্ত্ৰী মোদীয়ে মোদী কা পৰিবাৰ মচি দিবলৈ বিজেপিৰ নেতা–কৰ্মী–মন্ত্ৰীক নিৰ্দেশ দিলে। সেই মৰ্মে মোদীৰ পৰিয়ালো নিশ্চিহ্ন হ’ল নেতা–কৰ্মীৰ নামৰ পৰা। পিছে বিৰোধীৰ তীৰ্যক মন্তব্য।

নিৰ্বাচনলৈহে মোদীক পৰিয়াল লাগে নেকি? নিৰ্বাচন শেষ হ’লে পৰিয়ালৰ প্ৰয়োজনো শেষ হৈ যায় নেকি?

মোদীয়ে বিষয়টোক লৈ উল্লেখ কৰিছে নিৰ্বাচনী প্ৰচাৰ পৰ্ব ভাৰতৰ মানুহে স্নেহৰ চি স্বৰূপে ছ’ছিয়েল মিডিয়াত নিজৰ একাউণ্টত ‘মোদী কা পৰিবাৰ’ লিখিছিল। ইয়ে যথেষ্ট প্ৰেৰণা যোগাইছিল মোদীক। এতিয়া এই শব্দ শৃংখল নিলিখিবলৈ অনুৰোধ কৰিলে মোদীয়ে। অৱশ্যে অভিন্ন পৰিয়াল হিচাপে দেশবাসীৰ সৈতে সম্পৰ্ক অটুট ৰাখিব বুলিও কয় প্ৰধানমন্ত্ৰীয়ে। ২০১৯ৰ লোকসভা নিৰ্বাচনত একেই ফৰ্মুলা ব্যৱহাৰ হৈছিল। পিছে এইবাৰ কথাবোৰ অলপ বেলেগ ধৰণে চৰ্চা হৈছে। বিৰোধীয়ে এইবাৰৰ চৰকাৰ মোদী চৰকাৰ বুলি নকৈ এন ডি এচৰকাৰ বুলিহে ক’বলৈ লৈছে। মোদী 3.0 নহয়, এন ডি এ 3.0হে। ইয়াৰ মাজতে আৰ এছ এছ প্ৰধান মোহন ভাগৱতে চৰম অস্বস্তিত পেলালে মোদী চৰকাৰক। বিৰোধীক গুৰুত্ব দিবলৈ সকীয়ালে মোহন ভাগৱতে। ইয়াৰো প্ৰভাৱ মোদী কা পৰিবাৰত পৰা বুলি চৰ্চা হৈছে।
২৪০ খন আসনতে বিজেপি আবদ্ধ হোৱাক লৈ ক্ষুণ্ণ RSS! এনে অৱস্থাত চৰকাৰখনত মোদী চৰকাৰ বুলি RSSয়েও ক’ব নোখোজে নেকি?
এনে কিছুমান প্ৰশ্ন উত্থাপন হৈছে। আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ মন্তব্যই বিজেপিৰ ভিতৰচ’ৰাতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিজেপিয়ে এককভাৱে সংখ্যাগৰিষ্ঠতা লাভ নকৰা বিষয়টো অধ্যয়নৰ বাবে এক অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে বিজেপিয়ে। শীঘ্ৰেই পুংখানুপুংখ বিচাৰ–বিশ্লেষণ হ’ব আসন হ্ৰাস পোৱাৰ বিষয়টো।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...