দুৰ্ধৰ্ষ ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছ শিপাইছে অসমত

দুৰ্ধৰ্ষ ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছে শিপাইছে অসমত। গুৱাহাটী IITৰ ছাত্ৰ তৌছিফ আলী ফাৰুকী আৰক্ষীৰ জালত পৰাৰ পাছতেই পোহৰলৈ আহিছে এটাৰ পাছত আনটো ভয়ানক তথ্য। অনলাইন ছফ্টৱেৰত আইছিছৰ পৰা প্ৰশিক্ষণ লৈছিল তৌছিফে। এটা সময়ত আইছিছত যোগদান কৰিবৰ বাবে ওলাই গৈছিল আই আই টি গুৱাহাটী চৌহদৰ পৰা। তেতিয়াই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ছাত্ৰজনক। কিন্তু কেৱল তৌছিফে নহয়। হয়তো আইছিছৰ এই জালত ভৰি দিছে আন বহু যুৱকে।

মৃত্যু নিশ্চিত এখন জগত
য’ত দেখুওৱা হয় জন্নত পোৱাৰ সপোন
য’ত কোৱা হয় এয়াই প্ৰকৃত ধৰ্মৰ পথ
য’ত তীক্ষ্ণ মস্তিকৰ যুৱকো হৈ পৰে আত্মঘাতী

দুৰ্ধৰ্ষ ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছে শিপাইছে অসমত। সেই কথা ইতিমধ্যে প্ৰমাণ হৈছে অসম আৰক্ষী, এছ টি এফৰ অভিযানত। ধুবুৰীত ভাৰত-বাংলাদেশ সীমান্তৰ পৰা আইছিছ ভাৰতৰ মুৰব্বী জালত পৰিল আৰক্ষীৰ। তাৰ পাছতেই সকলোকে উদ্বিগ্ন কৰি গুৱাহাটীৰ আই আই টিৰ ছাত্ৰৰ আইছিছত যোগদানৰ খবৰ পোহৰলৈ আহিল। আৰক্ষীৰ জালত এতিয়া এইজন মেধাৱী তৌছিফ। এই খবৰ অসম তথা উত্তৰ পূবৰ জনতাৰ বাবে সকীয়নি।

কাৰণ SOFTWAREৰ দ্বাৰা আইছিছে প্ৰশিক্ষণ দিছে যুৱক-যুৱতীক
৬টা SOFTWAREৰ পৰা আইছিছৰ বিভিন্ন প্ৰশিক্ষণ লৈছিল
অনলাইনত আইছিছে শিকায় বহু কথা। শ্লিপাৰ চেল হিচাপে কাম কৰিবলৈ প্ৰস্তুত কৰা হৈছে নতুন যুৱকক। সাৱধান।
সংখ্যালঘু যুৱক এতিয়া ISISৰ টাৰ্গেট
সহজেই ব্ৰেইনৱাশ্ব কৰিবলৈ অহৰহ ইটোৰ পাছত সিটো টাস্ক দিয়া হয় যুৱকসকল। মোবাইল গেমৰ দৰেই ছফ্টৱেৰত এটাৰ পাছত এটা লেভেল আগুৱাই গৈ থাকে যুৱকসকল। ক্ৰমাত অধিক আগ্ৰহী হৈ পৰে যুৱকসকল। আৰু এটা সময়ত আইছিছৰ হৈ সক্ৰিয়ভাবে কাম কৰিবলৈ দিয়া হয় প্ৰস্তাৱ। তেনেকৈয়ে আইছিছৰ প্ৰতি আকৰ্ষিত হৈছিল তৌছিফ। ছফটটেৰত অনবৰত চাই চাই চতুৰ্থ বৰ্ষৰ বায়’টেকন’লজীৰ ছাত্ৰজনে অৱশেষত ছ’চিয়েল মিডিয়া আৰু ইমেইলত দাবী কৰিছিল সন্ত্ৰাসবাদী সংগঠন আইছিছ যোগদান কৰিৱলৈ আই আই টি-গুৱাহাটী চৌহদৰ পৰা গুছি যোৱাৰ কথা। পাছত হাজোৰ সমীপৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তৌছিফক।
আদালতৰ মজিয়াত তৌছিফৰ ক্ষোভ
দেশৰ ন্যায়পালিকাক লৈ অসন্তুষ্ট তৌছিফ
আদালততে ন্যায়পালিকাক ভৰ্ৎসনা তৌছিফ আলী ফাৰুকিৰ

ভাৰতীয় সংবিধানক অবৈধ আখ্যা তৌছিফ আলী ফাৰুকিৰ। ভাৰতীয় ন্যায় ব্যৱস্থা তৌছিফে হেনো মানি নলয়। হুংকাৰ দিলে আদালতত। সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে তৌছিফে বিচৰা নাই অধিবক্তাও। ISISৰ চিন্তাধাৰাৰে পৰিপুষ্ট তৌছিফ। তৌছিফ আইছিছৰ প্ৰতি আগ্ৰহী হোৱাৰ কথা গম পাইছিল ভাতৃ আৰু মাতৃয়েও। ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল তৌছিফৰ পৰিয়ালে।
ISISৰ পৃথিৱীক অলীক আৰু অবাস্তৱ আখ্যা দি বুজাইছিল মাতৃয়ে
কিন্তু তৌছিফে কোনো কথাই বুজা নাছিল
ক্ৰমাত আইছিছৰ অধিক কাষ চাপিবলৈ খুজিছিল। নাছিল কোনো বন্ধু। লাহে-লাহে যোগাযোগ কমিছিল পৰিয়ালৰ লগত। অকলশৰীয়াকৈ থাকি তৌছিফে ভাৱিছিল কেৱল আইছিছত যোগদানৰ কথা। ভুৱা জেহাদৰ জৰিয়তে জন্নত প্ৰাপ্তিৰ কথা। শোৱা বিছনাখনৰ তলতে লুকুৱাই ৰাখিছিল ফ্লেগ। অৱশেষত তৌছিফ জালত।
এই ঘটনা কিন্তু চিন্তনীয়
ছফ্টৱেৰত আইছিছৰ প্ৰশিক্ষণ
ভয়ানক কাণ্ড…

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...