OTT প্লেটফৰ্মত অশ্লীল সমল সন্নিৱিষ্ট কৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ৰ

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ একাধিক সতৰ্কবাণীৰ পিছতো অশ্লীল আৰু অশোভনীয় সমল ব্যৱহাৰৰ পৰিপ্ৰেক্ষিতত ১৮ টা ‘অ’টিটি প্লেটফৰ্ম’ক অৱৰোধিত কৰা হৈছে।

১৯টা ৱেবছাইট, ১০টা এপ্, অ’টিটি প্লেটফৰ্ম-ৰ ৫৭টা ‘ছচিয়েল মিডিয়া হেণ্ডেল’ দেশজুৰি অৱৰোধিত কৰা হৈছে।

সমলসমূহে ‘তথ্য প্ৰযুক্তি আইন’, ‘ভাৰতীয় দণ্ডবিধি’, আৰু ‘মহিলাৰ অশালীন প্ৰতিৰূপায়ণ (নিষিদ্ধকৰণ) আইন’ উলংঘা কৰিছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বিভিন্ন মধ্যৱৰ্তী সংস্থাৰ সমন্বয়ৰে অশ্লীল, অশোভনীয় আৰু কিছু ক্ষেত্ৰত যৌনোদ্দীপক সমলৰ প্ৰকাশ-প্ৰদৰ্শন কৰা ১৮ টা ‘অ’টিটি প্লেটফৰ্ম’ক অৱৰোধিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইফালে, ১৯টা ৱে’বছাইট, ১০টা এপ্ (‘গুগল প্লে’ ষ্টোৰ’ত ৭ টা, ‘এপল এপ্ ষ্টোৰ’ত ৩টা), আৰু এই ‘প্লেটফৰ্ম’সমূহৰ সৈতে সম্পৰ্কিত ৫৭টা টা ‘ছ’চিয়েল মিডিয়া একাউণ্ট’ৰ ৰাজহুৱা প্ৰৱেশ-অনুকূলতা সমগ্ৰ ভাৰততে বিঘ্নিত কৰা হৈছে।

উল্লেখ্য, ‘সৃষ্টিশীল অভিব্যক্তি’ৰ ছদ্মবেশেৰে অশ্লীলতা, অশোভনীয়তা আৰু অপ-প্ৰচাৰত লিপ্ত নহ’বলৈ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে মঞ্চসমূহক বাৰম্বাৰ সঁকীয়াই অহাৰ লগতে সামাজিক দায়িবদ্ধতা প্ৰদৰ্শনত গুৰুত্ব আৰোপ কৰি আহিছে। ২০২৪ চনৰ ১২ মাৰ্চ তাৰিখে শ্ৰী ঠাকুৰে ঘোষণা কৰে যে অশ্লীল আৰু অশোভনীয় সমল প্ৰকাশ কৰা ১৮ টা ‘অ’টিটি প্লেটফৰ্ম’ বাৰণ কৰা হৈছে।

শেহতীয়া সিদ্ধান্তটো ভাৰত চৰকাৰৰ অন্যান্য মন্ত্ৰালয়/বিভাগ, আৰু সংবাদ মাধ্যম আৰু মনোৰঞ্জন, মহিলাৰ অধিকাৰ আৰু শিশু অধিকাৰ সম্পৰ্কীয় ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰি ‘তথ্য প্ৰযুক্তি আইন, ২০০০’-ৰ ধাৰাৰ অধীনত গ্ৰহণ কৰা হৈছে।

টিটি প্লেটফৰ্মৰ তালিকা

ড্ৰীমছ ফিল্মভুৱিয়েছমাআনকাট আড্ডাট্ৰাই ফ্লিক্সএক্স প্ৰাইম
নিয়ন এক্স ভিআইপিবেচৰ্মছহাণ্টাৰ্ছৰেবিটএক্সট্ৰা মুডনুফ্লিক্স
মুডএক্সমজফ্লিক্সহট শ্বট ভিআইপিফাগিচিকুফ্লিক্সপ্ৰাইম প্লে’

সমলৰ প্ৰকৃতি

এই প্লেটফৰ্মসমূহত আগবঢ়োৱা সমলৰ এক গুৰুত্বপূৰ্ণ অংশ অশ্লীল, অশোভনী আৰু মহিলাসকলক অৱমাননামূলক ভাৱে চিত্ৰিত কৰা দেখা গৈছিল। ইয়াত বিভিন্ন অনুপযুক্ত প্ৰেক্ষাপটত নগ্নতা আৰু যৌন কাৰ্য্, যেনে- শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক, অনাচাৰী পাৰিবাৰিক সম্পৰ্ক আদি দেখুওৱা হৈছিল। বিষয়বস্তুত যৌন বিদ্ৰূপ আৰু কিছুমান ক্ষেত্ৰত, কোনো বিষয়ভিত্তিক বা সামাজিক প্ৰাসংগিকতা বিহীন অশ্লীল আৰু যৌনগন্ধী দৃশ্যৰ দীঘলীয়া অংশ অন্তৰ্ভুক্ত হৈছিল।

সমলসমূহে ‘তথ্য প্ৰযুক্তি আইন’ৰ ধাৰা ৬৭ আৰু ৬৭এ, ‘ভাৰতীয় দণ্ডবিধি’ৰ ধাৰা ২৯২, আৰু ‘মহিলাৰ অশালীন প্ৰতিৰূপায়ণ (নিষিদ্ধকৰণ) আইন, ১৯৮৬’-ৰ ধাৰা ৪ উলংঘা কৰাৰ তথ্য সাব্যস্ত হয়।

গুৰুত্বপূৰ্ণ দৰ্শক

‘অ’টিটি এপ’সমূহৰ এটাত ১ কোটিতকৈয়ো অধিক ‘ডাউনলোড’ৰ তথ্য লাভ কৰাৰ উপৰি আন দুটাৰ ‘গুগল প্লে’ ষ্টোৰ’ত ৫০ লাখতকৈয়ো অধিক ‘ডাউনলোড’ৰ তথ্য পোৱা গৈছে। ইয়াৰ উপৰিও, এই ‘অ’টিটি প্লেটফৰ্ম’সমূহে ট্ৰেইলাৰ, নিৰ্দিষ্ট দৃশ্য, আৰু বাহ্যিক লিংক প্ৰচাৰ কৰিবলৈ ‘সামাজিক মাধ্যম’ৰ ব্যাপক ব্যৱহাৰ কৰিছিল, যাৰ উদ্দেশ্য আছিল দৰ্শকসকলক তেওঁলোকৰ ৱে’বছাইট আৰু এপবোৰলৈ আকৰ্ষিত কৰা। সংশ্লিষ্ট ‘অ’টিটি প্লেটফৰ্ম’ৰ সামাজিক মাধ্যমৰ একাউণ্টবোৰত ৩২ লাখতকৈয়ো অধিক অনুসৰণকাৰী আছিল।

সামাজিক মাধ্যম প্লেটফৰ্মএকাউণ্টৰ সংখ্যা 
ফেচবুক১২
ইনষ্টাগ্ৰাম১৭
এক্স(আগৰ টুইটাৰ)১৬
ইউ টিউব১২

টিটি প্লেটফৰ্মৰ সৈতে নিৰন্তৰ ব্যস্ততা

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সভা, ৱে’বিনাৰ, কৰ্মশালা আদিৰ জৰিয়তে ‘তথ্য-প্ৰযুক্তি অধিনিয়ম, ২০২১’-ৰ অধীনত স্থাপিত ‘অ’টিটি প্লেটফৰ্ম’ আৰু তেওঁলোকৰ ‘স্ব-নিয়ন্ত্ৰক সংস্থা’সমূহৰ সৈতে নিৰন্তৰভাৱে সচেতনতা সৃষ্টিৰ প্ৰচেষ্টা চলাই আহিছে।

ভাৰত চৰকাৰে ‘অটিটি উদ্যোগ’ৰ প্ৰগতি আৰু বিকাশত উদগনি দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। এই সন্দৰ্ভত কেবাটাও ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যাৰ ভিতৰত আছে ভাৰতৰ ‘৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ত ‘ৱে’ব চিৰিজ’-ৰ বাবে ‘উদ্বোধনী অ’টিটি বঁটা’ প্ৰৱৰ্তন, সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডত ‘অ’টিটি প্লেটফৰ্ম’ৰ সৈতে সহযোগিতা, আৰু ‘তথ্য প্ৰযুক্তি অধিনিয়ম, ২০২১’-ৰ অধীনত স্ব-নিয়ন্ত্ৰণত গুৰুত্ব দি এক লঘু নিয়ামক পৰিকাঠামো স্থাপন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ত্যাগ, কষ্ট, শিক্ষাৰ পোহৰ আৰু উদ্যমিতাৰ মাজেৰে অসমৰ উন্নয়ন সাধন কৰিব লাগিব: মুখ্যমন্ত্রী

ডিব্ৰুগড়ত 'বিকাশৰ ১২ দিন' কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণকেইবাটাও প্ৰকল্পৰ নিৰ্মাণ...

বৰষা-ভাস্কৰৰ ঘৰলৈ আহিল লখিমী

নৱবৰ্ষৰ প্ৰাকক্ষণত অভিনেত্ৰী বৰষাৰণী বিষয়াই দিলে ভাল খবৰ বৰষা-ভাস্কৰৰ ঘৰলৈ...

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব টংলাৰ ২ ভাতৃৰ

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব টংলাৰ ২ ভাতৃৰ। দেওবাৰে নিশা...

প্ৰৱল শীতত কঁপিছে সমগ্ৰ উত্তৰ ভাৰত

৫০ বছৰৰ শীতলতম নিশাৰ সাক্ষী হ’ল শ্ৰীনগৰ। মাইনাছ ১০...