সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত এক উৎসৱ ‘লখিমী সবাহ’

0 473

সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত এক উৎসৱ ‘লখিমী সবাহ’। প্ৰতি ৭ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় এই উৎসৱ। টিংখাঙত অতি উলহ মালহেৰে উদযাপন কৰা হয় ‘লখিমী সবাহ’।

টিংখাঙৰ ১নং চৰাইহাবি গাঁৱত ‘লখিমী সবাহ’
লখিমীক আদৰি অনাৰ এক পৰম্পৰা
গায়ন-বায়ন,পৰম্পৰাগত গীত-মাতেৰে মুখৰ গাঁওখন
সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত উৎসৱ ‘লখিমী সবাহ
প্ৰতি ৭ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় এই উৎসৱ

ব্যাপক উচাহ উদ্দীপনাৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰে লখিমী সবাহ। প্ৰায় ১০০ ঘৰ লোকে অংশগ্ৰহণ কৰে এই উৎসৱত। সোমবাৰৰ পৰা অনুষ্ঠিত এই কৃষিভিত্তিক মাংগলিক পৰম্পৰাৰ বুধবাৰে সমাৰণি পৰে। অন্তিম দিনা বিশাল সমদল উলিওৱা হয়। এই সমদলৰ আঁৰত আছে এক পৰম্পৰা। নামঘৰৰ পৰা বিল, নদী অথবা জান-জুৰিলৈ দোলা লৈ উলিওৱা হয় এক সমদল। এইয়া হৈছে লখিমীক আনিবলৈ যোৱা পৰম্পৰা। সদলবলে গায়ন-বায়ন, পৰম্পৰাগত গীত-মাতেৰে আগবাঢ়ে এই সমদল। নৈৰ পাৰত উপস্থিত হৈ সকলোৱে একেলগে আঠু লৈ ৩৩ কোটি দেৱতাক সেৱা আগবঢ়াই। লগত লৈ যোৱা জাকৈ মাৰি জাকৈত উঠা সেই সামগ্ৰীক লখিমী জ্ঞান কৰি পুনৰ একেই সমদলেৰে নামঘৰলৈ আগবাঢ়ে যাত্ৰা। তাৰপাছত সকলো একগোত হয় নামঘৰত। নামঘৰৰ পৰা গাঁৱৰ সকলোৱে জাকৈত উঠা সেই লখিমী ঘৰলৈ লৈ যায়।

সোণোৱাল কছাৰীসকলৰ এই পৰম্পৰা চলি আহিছে বছৰ বছৰ ধৰি। জ্যেষ্ঠ কনিষ্ঠ সকলোৱে অংশগ্ৰহণ কৰা এই ‘লখিমী সবাহে প্ৰকৃততে দাঙি ধৰিছে অসমীয়া পৰম্পৰা সংস্কৃতিৰ এক অনন্য নিদৰ্শন।

Leave A Reply

Your email address will not be published.