চহৰাঞ্চলৰ আৱৰ্জনা নিষ্কাশন প্ৰকল্প সন্দৰ্ভত মন্ত্ৰী সিংহলৰ ভিডিঅ’ কনফাৰেন্স

ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্ত তথা পৌৰসভাসমূহৰ পৌৰপতি আৰু কাৰ্যবাহী বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এক বিশেষ বৈঠকত মিলিত হয়। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নীতি-নিৰ্দেশনা অনুসৰি ৰাজ্যৰ ১০৪ খন চহৰৰ প্ৰতিখনতে অনতিপলমে গোটা আৱৰ্জনা নিষ্কাশন প্ৰকল্প আৰম্ভ কৰাৰ বাবে যাৱতীয় পদক্ষেপ আৰম্ভ কৰিবলৈ আজিৰ বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত তথা পৌৰসভাসমূহৰ কাৰ্যবাহী বিষয়াসকলক নিৰ্দেশ দিয়ে। গোটা আৱৰ্জনা নিষ্কাশন প্ৰকল্পৰ বাবে প্ৰয়োজনীয় ভূমি আবণ্টনৰ ক্ষেত্ৰত কোনো কোনো চহৰত দেখা দিয়া অসুবিধাসমূহ দূৰীকৰণৰ ক্ষেত্ৰত তাক্ষণিক পদক্ষেপ লবলৈ তেওঁ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে। প্ৰকল্পসমূহ ৰূপায়ণৰ ক্ষেত্ৰত ইতিমধ্যে আবণ্টিত ধনৰাশিৰ উপৰি অতিৰিক্ত পুঁজিৰ প্ৰয়োজন হ’লে তাৰো ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ প্ৰতিখন চহৰতে অনতিপলমে এই প্ৰকল্পৰ বাবে নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈও তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে।

মন্ত্ৰী সিংহলৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত আজিৰ এই ভিডিঅ’ কনফাৰেন্সত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, সচিব পৱিত্ৰৰাম খাউণ্ড আৰু স্বচ্ছ ভাৰত মিছন (নগৰাঞ্চল)ৰ প্ৰকল্প-সঞ্চালক হেমন্ত ভূঞাৰ লগতে অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...