গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সম্পূৰ্ণ ৱেবভিত্তিক আৰু কাগজবিহীন পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনৰ একাধিক শাখা বিভাগ ক্ৰমে- অম্ৰুট, অসম নগৰীয়া পানীযোগান আৰু পয় প্ৰণালী পৰিষদ (AUWSSB), প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া) তথা বিভাগৰ কাৰিকৰী শাখাৰ সৈতে এক বিশেষ পৰ্যালোচনা বৈঠকত পৌৰোহিত্য কৰে। বিভাগীয় পৰ্যালোচনাৰ ক্ষেত্ৰত সম্পূৰ্ণ ৱেবভিত্তিক আৰু কাগজবিহীন পন্থাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ জৰিয়তে নতুনকৈ প্ৰস্তুত কৰা ইউনিফাইড পৰ্টেল ব্যৱহাৰ কৰি এই বৈঠক অনুষ্ঠিত কৰা হয়।

উল্লেখযোগ্য যে ডিজিটেল ৰূপান্তৰ আৰু কাগজবিহীন প্ৰশাসনৰ ক্ষেত্ৰত থকা ৰাজ্যখনৰ দায়বদ্ধতাক প্ৰতিফলিত কৰি আজি পোনপ্ৰথমবাৰৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিভাগীয় পৰ্যালোচনা সম্পূৰ্ণৰূপে অনলাইনত সম্পন্ন কৰা হয়। দিছপুৰৰ জনতা ভৱনত থকা মন্ত্ৰী সিংহলৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, শাখা বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসকল আৰু নতুন পৰ্টেল প্ৰস্তুতিৰ আঁৰৰ ডেভেলপাৰসকলে অংশগ্ৰহণ কৰে।

আজিৰ এই পৰ্যালোচনাত মন্ত্ৰী সিংহলে সকলো শাখা বিভাগৰ মূৰব্বী আৰু পৰ্টেল ডেভেলপাৰক পৰ্টেলত প্ৰকল্প তথা আঁচনিসমূহৰ সম্পূৰ্ণ শেহতীয়া তথ্য আপলোড কৰাটো নিশ্চিত কৰিবলৈ স্পষ্ট নিৰ্দেশনা প্ৰদান কৰে। বিভাগটোৰ সমগ্ৰ কাম-কাজত স্বচ্ছতা আৰু জবাবদিহিতা বৃদ্ধি কৰাৰ স্বাৰ্থত তেওঁ ক্ষেত্ৰ বিষয়াসকলক প্ৰত্যক্ষভাৱে পৰ্টেলত তথ্য, ফটোগ্ৰাফ, অগ্ৰগতিৰ খতিয়ান আদি আপলোড কৰাৰ সুবিধা প্ৰদান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰে পৰা এই একীকৃত পৰ্টেলতে সকলো বিভাগীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হ’ব। এই পৰিৱৰ্তনে বিভাগীয় কাম-কাজ সুশৃংখলিত কৰাৰ লগতে কাগজৰ ব্যৱহাৰ হ্ৰাস কৰিব তথা বিভাগটোত সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ কাৰ্যক্ষমতাও উন্নত কৰিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...